October 20, 2024 8:37 PM

views 20

ইণ্ডোনেছিয়াত থকা ভাৰতীয় মূলৰ ব্যৱসায়িক গোষ্ঠীসমূহৰ সৈতে বিদেশ ৰাজ্যমন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটাৰ মত-বিনিময়

বিদেশ ৰাজ্যমন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটাই আজি ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবোৱো সুবিয়াণ্টো আৰু উপ- ৰাষ্ট্ৰপতি জিৱান ৰাকাবুমিং ৰাকাৰ শপত গ্রহণ অনুষ্ঠানত অংশগ্ৰহণ কৰে। সামাজিক মাধ্যমযোগে এই বিষয়ে অৱগত কৰি মন্ত্ৰী শ্ৰীমাৰ্ঘেৰিটাই চলিত বৰ্ষত ইণ্ডোনেছিয়া আৰু ভাৰতৰ আন্তঃসম্পৰ্কৰ ৭৫ বছৰ পূৰ্তিত সন্তোষ প্ৰকাশ কৰে। আজি শপত গ্ৰহণৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰীয় সংগ্রহালয়ো পৰিদৰ্শন কৰে আৰু দেশখনৰ স্বাধীনতা আন্দোলনৰ সেনানীসকললৈ শ্ৰদ্ধা প্ৰদৰ্শন কৰে ৷ ভ্ৰমণ কালত শ্ৰীমাৰ্ঘেৰিটাই দেশখনত উল্লেখন...

October 20, 2024 11:31 AM

views 15

ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতি শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব বিদেশ ৰাজ্যমন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা

বিদেশ ৰাজ্যমন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা আজি ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবোৱো সুবিয়াণ্টো আৰু উপ-ৰাষ্ট্ৰপতি জিব্ৰান ৰাকাবুমিং ৰাকাৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। বিদেশ মন্ত্ৰ্যালয়ে সামাজিক মাধ্যমযোগে কৈছে যে, দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পর্ক উন্নীত কৰাৰ ক্ষেত্ৰত এই ভ্ৰমণত গুৰুত্ব আৰোপ কৰা হব। মন্ত্ৰ্যালয়ে এই শপতগ্রহণ অনুষ্ঠানত শ্ৰীমাৰ্ঘেৰিটাৰ অংশগ্রহণে ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজৰ সৰ্বাত্মক কৌশলগত সহযোগিতা অধিক শক্তিশালী কৰাৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথাকে সূচাইছে বুলি প্ৰকাশ কৰিছে। ভাৰত...