January 1, 2025 9:09 PM

views 15

অসম চৰকাৰৰ কৰ্মচাৰী-পৰিয়ালৰ নিৰাপত্তাৰ বাবে অভিলাষী বীমা আঁচনিৰ শুভাৰম্ভ

অসম চৰকাৰৰ কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালসমূহৰ নিৰাপত্তাৰ বাবে অসম চৰকাৰে প্ৰৱৰ্তন কৰা এখন অভিলাষী বীমা আঁচনিৰ আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। আজি খানাপাৰাৰ কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ মন্ত্ৰীসভাৰ সদস্যসকলৰ উপস্থিতিত ৰাজ্য চৰকাৰৰ সচিব লয়া মাদুৰী আৰু ভাৰতীয় ষ্টেট বেংক আৰু ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ মাণ্ডলিক মহাপ্রবন্ধকৰ মাজত এইমর্মে এখন বুজাবুজি চুক্তি স্বাক্ষৰিত হয়। এই বীমা আঁচনিৰ অধীনত কৰ্তব্যৰত অৱস্থাত কোনো কৰ্মচাৰীৰ দুৰ্...