April 6, 2024 8:05 PM April 6, 2024 8:05 PM

views 16

অসমৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলৰ কাজিৰঙা সংসদীয় সমষ্টি পৰ্যবেক্ষণ

ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে আজি কাজিৰঙা সংসদীয় সমষ্টিৰ অন্তৰ্গত গোলাঘাট নিৰ্বাচনী জিলাত উপস্থিত হৈ জিলাখনত বিভিন্ন নির্বাচন সম্বন্ধীয় প্ৰস্তুতিৰ বুজ লয়। মুখ্য নির্বাচনী বিষয়াগৰাকীয়ে প্রথমে জিলাখনৰ নিৰ্বাচনী কোষসমূহৰ দায়িত্বত থকা বিষয়াসকলৰ লগত এখন বৈঠকত মিলিত হয়। কোষসমূহৰ কামকাজৰ খতিয়ান লৈ বিষয়াগৰাকীয়ে সমাগত নির্বাচন সম্পূর্ণ স্বচ্ছ, দুর্নীতিমুক্ত, শান্তিপূর্ণ তথা সুচাৰুৰূপে ৰূপায়ণ কৰিবলৈ সকলোকে আহ্বান জনায়। ইয়াৰ বিষয়াগৰাকীয়ে নিৰ্বাচনী জিলাখনৰ ৱেৰহাউছ, স্ট্রং ৰুম, ...