August 13, 2025 12:58 PM

views 12

কালিৰে পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যিক কৰ্কট প্রতিষ্ঠানে চিকিৎসাৰ বিভিন্ন ক্ষেত্ৰৰ মাচুল বৃদ্ধি

গুৱাহাটীৰ ৰাজ্যিক কৰ্কট প্রতিষ্ঠানে চিকিৎসাৰ বিভিন্ন ক্ষেত্ৰত কালিৰে পৰা কাৰ্যকৰী হোৱাকৈ মাচুল বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। চিকিৎসা প্রতিষ্ঠানখনে জাননী অবিহনে হঠাৎ দহ গুণ পর্যন্ত চিকিৎসা মাচুল বৃদ্ধি কৰাত ৰোগী আৰু অভিভাৱকৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। পূৰ্বতে চিকিৎসা প্রতিষ্ঠানখনত পঞ্জীয়ন মাচুল এশ টকা আছিল যদিও বৰ্তমান এই মাচুল ৩৬০ টকালৈ বৃদ্ধি কৰা হৈছে। একেদৰে জেনেৰেল বেডৰ ভাড়া ২০০ টকাৰ পৰা এহেজাৰ ৫০০ টকালৈ বৃদ্ধি কৰা হৈছে। এজনীয়া কেবিনৰ ভাড়া ৩ হাজাৰ টকাৰ পৰা ৪ হাজাৰ ৫০০ টকালৈ, শ্বেয়াৰি...