July 31, 2025 8:22 PM July 31, 2025 8:22 PM

views 11

ৰাজ্যৰ বিভিন্ন স্থানত বিশ্ব মানৱ সৰবৰাহ বিৰোধী দিৱস উপলক্ষে সজাগতামূলক কার্যসূচী অনুষ্ঠিত

ৰাজ্যৰ বিভিন্ন স্থানত আজি বিশ্ব মানৱ সৰবৰাহ বিৰোধী দিৱস উপলক্ষে সজাগতামূলক কার্যসূচী অনুষ্ঠিত হৈছে। বজালী জিলা সমাজকল্যাণ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত বিচানকুচিত আয়োজিত এই দিৱসৰ কাৰ্যসূচীত ডাইনী সন্দর্ভত থকা অন্ধবিশ্বাস দূৰ কৰি বিজ্ঞান শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয়। সভাত জিলা সমাজ কল্যাণ বিষয়া জ্যোতি কুমাৰ দাসে গ্রামাঞ্চলত এনেধৰণৰ অন্ধবিশ্বাসৰ কুপ্ৰভাৱৰ বিষয়ে উল্লেখ কৰে। জিলা স্বাস্থ্য বিষয়া ডা° দিপ্তী চৌধুৰীয়ে কয়, যে ডাইনীৰ আক্ৰমণ বুলি সন্দেহ কৰা বহু লোকৰ ৰোগৰ লক্ষণ প্রকৃততে স্বাস্থ্...