June 24, 2024 12:00 PM June 24, 2024 12:00 PM
3
নীট ইউ জি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত এজাহাৰ দাখিল কৰি চিবিআইৰ তদন্ত আৰম্ভ
কেন্দ্রীয় তদন্তকাৰী সংস্থা চি বি আয়ে নীট ইউ জি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰি তদন্ত আৰম্ভ কৰিছে। চি বি আইৰ সূত্ৰ অনুসৰি শিক্ষা মন্ত্ৰালয়ৰ উচ্চ শিক্ষা বিভাগৰ সঞ্চালকে দিয়া অভিযোগৰ ভিত্তিত এই এজাহাৰ দাখিল কৰা হৈছে। চি বি আয়ে সমগ্ৰ দেশতে এই বিষয়টোৰ এটা পুংখানুপুংখ তদন্ত আৰু এই বৃহৎ ষড়যন্ত্ৰৰ সবিশেষ উন্মোচন কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। এই বিষয়টোৰ তদন্তৰ বাবে চি বি আয়ে কেইবাটাও বিশেষ দল গঠন কৰিছে। চি বি আইৰ বিশেষ দলসমূহক পাটনা আৰু গোধ্ৰালৈ প্ৰেৰণ কৰা হৈছে। তদন্তকাৰী সংস...