May 3, 2025 6:37 PM May 3, 2025 6:37 PM

views 2

গোৱাৰ শ্ৰীলাইৰাই দেৱী যাত্ৰা উৎসৱত পদপিষ্ট হৈ ৬জন লোকৰ মৃত্যু, কেইবাগৰাকীও আহত

গোৱাৰ বিচোলিমৰ শ্বিৰগাও গাৱঁত অনুষ্ঠিত শ্ৰীলাইৰাই দেৱী যাত্ৰা উৎসৱত পদপিষ্ট হৈ আজি ৬জন লোকৰ মৃত্যু হয়। এই ঘটনাত ৮০ৰো অধিক লোক আহত হয়। আজি নিচেই পুৱা কেইবাশতিকা পুৰণি মন্দিৰটোত অনুষ্ঠিত এই পৰম্পৰাগত উৎসৱত ভাগ ল'বলৈ হাজাৰ হাজাৰ ভক্তৰ সমাগম হয়। মানুহৰ ভিৰ তথা ঠেলা হেঁচাত বহু মানুহ পৰি গৈ পদপিষ্ট হয়। আহতসকলক গোৱা চিকিৎসা মহাবিদ্যালয় হাস্পিতালকে ধৰি অনান্য চিকিৎসালয় ভৰ্তি কৰোৱা হৈছে। মুখ্যমন্ত্ৰী ড০ প্রমোদ সাৱন্ত আহতসকলক সাক্ষাতৰ বাবে চিকিৎসালয়লৈ যায়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছজন লোকে প...