December 26, 2024 8:17 PM
13
দিছপুৰৰ নাহৰণি পথত প্ৰেমিকৰ ছুৰীৰ আঘাটত এগৰাকী বিবাহিতা মহিলাৰ মৃত্যু
গুৱাহাটী মহানগৰীৰ দিছপুৰৰ নাহৰণি পথত আজি ব্যর্থ প্ৰেমিকৰ ছুৰীৰ আঘাটত এগৰাকী বিবাহিতা মহিলাৰ মৃত্যু হয়। আৰক্ষী সূত্ৰৰ উদ্ধৃতি দি আমাৰ গুৱাহাটীৰ সংবাদদাতাই জনোৱা মতে আজি দুপৰীয়া ভূপেন দাস নামৰ বৃত্তিত টেক্সী চালকএগৰাকীয়ে দিছপুৰৰ লাষ্টগেটৰ সমীপৰ নাহৰণি পথত এগৰাকী বিবাহিতা মহিলাক ছুৰীৰে ডিঙি আৰু পেটত আক্ৰমণ কৰে। মহিলাগৰাকীয়ে হাততো ছুৰীৰ আঘাত পায়। গুৰুতৰভাৱে আহত মহিলাগৰাকীক স্থানীয় লোকৰ সহায়ত আৰক্ষীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰায় যদিও হাস্পতালতে তেওঁৰ মৃত্যু হয়। এই ঘটন...