February 6, 2025 7:20 PM

views 19

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন আৰম্ভ

যোৰহাট জিলাৰ ম’হবন্ধাৰ এৰালতলী পথাৰত চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি প্ৰথমদিনা পৰিৱেশ নিকাকৰণ আৰু গছপুলি ৰোপন কাৰ্যসূচীৰে অধিৱেশনৰ শুভাৰম্ভ কৰা হয়। যোৰহাটৰ বিধায়ক হিতেন্দ্র নাথ গোস্বামীয়ে আজি প্ৰতিনিধি শিবিৰৰ তোৰণ উন্মোচন কৰে। আজি নামঘৰৰ তোৰণ উন্মোচন, মূল সমিতিৰ কাৰ্যনিৰ্বাহক আৰু গ্ৰন্থমেলা মুকলি কৰা হয়। দিনৰ ভাগত মূল কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। পৰহিলৈ পুৱা সংঘৰ নৱনিৰ্বাচিত পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই পতাকা উত্তোলন কৰিব। এই পতাকা উত্তো...