February 9, 2025 12:00 PM

views 19

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিবেশনৰ আজি সামৰণি

যোৰহাটৰ ম'হবন্ধা এৰালতলী পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত চলি থকা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিবেশনৰ আজি সামৰণি পৰিব। আজি পুৱা ৫ বজাত পৰিৱেশ নিকাকৰণ, প্ৰাতঃ প্ৰসংগৰ লগতে পুৱা ৮ বজাৰ পৰা নৱনিৰ্বাচিত সদস্যসকলৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা আৰু দিনৰ ভাগত সেৱা বাহিনীৰ অন্তৰংগ অনুষ্ঠান, ধর্মালোচনা সভাৰো আয়োজন কৰা হৈছে। আজিৰ অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী, মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰাৰ কথা। সন্ধিয়াৰ ভাগলৈ সংঘৰ মূ...

February 7, 2025 6:30 PM

views 24

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ দ্বিতীয় দিনৰ মুকলি সভাত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ অংশগ্ৰহণ

যোৰহাট জিলাৰ ম’হবন্ধাৰ এৰালতলী পথাৰত ৪ দিনীয়া কাৰ্যসূচীৰে আয়োজিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিনা মুকলি সভাত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত ভকত-বৈষ্ণৱসকলক আধ্যাত্মিকতাৰ লগতে গুৰুজনাৰ বৌদ্ধিক আৰু সাংস্কৃতিক আন্দোলনক আগবঢ়াই নিবলৈ আহ্বান জনায়। অধিৱেশনত আজি পুৱাৰ ভাগত পৰিৱেশ নিকাকৰণ, প্ৰাতঃপ্ৰসংগ আৰু নাম প্ৰসংগৰে কাৰ্যসূচী অনুষ্ঠিত হয়। কাইলৈ পুৱা সংঘৰ নৱনিৰ্বাচিত পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ পতা...

February 4, 2025 8:08 PM

views 25

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ বাবে ব্যাপক প্রস্তুতি

অহা ৬ ফেব্ৰুৱাৰীৰ পৰা হ'বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ বাবে ব্যাপক প্রস্তুতি চলি আছে। যোৰহাট জিলাৰ ম’হবন্ধাৰ এৰালতলী পথাৰত চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজিত এই অধিৱেশনলৈ ভকত-বৈষ্ণৱসকলক আদৰাৰ বাবে আদৰণি সমিতিয়ে সকলো ব্যৱস্থা সম্পূৰ্ণ কৰি তুলিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শক সাৰোগত কৰি যোৰহাট জিলা শাখাৰ আতিথ্যত বিভিন্ন দল-সংগঠন আৰু অনুষ্ঠান-প্ৰতিষ্ঠানৰ সহযোগিতাত আয়োজন কৰা এই অধিৱেশনত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ ভকত-বৈষ্ণৱসকলে অংশগ্ৰহণ কৰিব। ...

February 2, 2025 7:38 PM

views 26

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাজিৰা জিলা শাখাৰ ৩২ সংখ্যক অধিৱেশন বিভিন্ন বর্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাজিৰা জিলা শাখাৰ ৩২ সংখ্যক অধিৱেশনৰ তৃতীয় দিনা আজি বিভিন্ন বর্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত হয়। যোৱা ৩১ জানুৱাৰীৰ পৰা অনুষ্ঠিত অধিৱেশনৰ আজি অন্তিম দিনা ভাগৱত আৰু সাংস্কৃতিক শোভাযাত্ৰা উলিওৱাৰ লগতে মুকলি সভাও অনুষ্ঠিত হয়। আজি সন্ধিয়া মহিলাসকলে গুৰুজনা ৰচিত ভাওনা প্ৰদৰ্শন কৰিব। ভাগী ধোপাবৰ আঞ্চলিক শাখাৰ উদ্যোগত শাখাৰ নামঘৰ প্ৰাংগণত অনুষ্ঠিত এই অধিৱেশনত শিশু, মহিলা, যুৱক-যুৱতীৰ লগতে বহুসংখ্যক ভকত- বৈষ্ণৱে অংশগ্ৰহণ কৰিছে।

November 17, 2024 6:35 PM

views 23

যোৰহাটৰ ম’হবন্ধা এৰালতলিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক অধিৱেশনৰ লাইখুঁটা স্থাপন

যোৰহাটৰ ম'হবন্ধা এৰালতলি পথাৰত অহা বছৰৰ ৬ ফেব্ৰুৱাৰীৰ পৰা হ'বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক অধিৱেশনৰ লাইখুঁটা আজি স্থাপন কৰা হয় । লাইখুঁটা স্থাপন উপলক্ষে অনুষ্ঠিত মুকলি সভাত বিত্তমন্ত্রী অজন্তা নেওগ, কৃষিমন্ত্ৰী অতুল বৰা, কাজিৰঙা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ লগতে জিলা আয়ুক্ত উপস্থিত থাকে। বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তৰ উপস্থিতিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই লাইখুঁটা স্থাপন কৰে।