January 1, 2025 8:59 PM
22
গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কাইলৈৰ পৰা পাঁচদিনীয়াকৈ কলাক্ষেত্ৰ ৰামধেনু উৎসৱ
গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কাইলৈৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে কলাক্ষেত্ৰ ৰামধেনু উৎসৱৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানৰ প্ৰথম দিনা কাইলৈ চৰকাৰী চাৰু-কাৰু আৰু কলা মহাবিদ্যালয়ৰ শিক্ষার্থীসকলে চিত্র ভাস্কৰ্য প্ৰদৰ্শন কৰিব। এই উৎসৱৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিল্পীসকলে বৰঢোলৰ অনুষ্ঠান, চিত্রকলা, ভাস্কৰ্য আৰু ছপা ছবি কৰ্মশালা, নাগাৰা নাম, জনগোষ্ঠীয় লোকনৃত্য অনুষ্ঠান, পুতলা নাট, সত্ৰীয়া নৃত্যৰ লগতে আঁহত তলৰ ৰং শীৰ্ষক ভিন্নসুৰী গীত-মাতৰ অনুষ্ঠানৰো আয়োজন কৰা হৈছে। শনিবাৰে শিক্...