June 12, 2025 3:03 PM June 12, 2025 3:03 PM
5
আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ধ্রুপদী নৃত্যশিল্পী ড° সোনাল মানসিঙক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বঁটা
■ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামেৰে অসম চৰকাৰে প্ৰৱৰ্তন কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা, পদ্ম বিভূষণ সন্মানেৰে সন্মানিত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ধ্রুপদী নৃত্যশিল্পী ড° সোনাল মানসিঙক আজি প্ৰদান কৰা হয়। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এই উপলক্ষে আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই ড° মানসিঙক ২০২৩ বৰ্ষৰ এই বঁটা প্ৰদান কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু পদ্ম ভূষণ সন্মানেৰে ...