December 19, 2024 8:13 PM

views 32

ওদালগুৰিৰ বৰঙাজুলি শ্ৰীমন্ত শংকৰদেৱ সত্ৰত সত্ৰাধিকাৰ ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত বঁটা প্ৰদান অনুষ্ঠান আৰু ৯৮ সংখ্যক ওপজা দিন পালন

ওদালগুৰি জিলাৰ বৰঙাজুলি শ্ৰীমন্ত শংকৰদেৱ সত্ৰত আজি সত্ৰাধিকাৰ ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত বঁটা প্ৰদান অনুষ্ঠান আৰু তেওঁৰ ৯৮ সংখ্যক ওপজা দিন পালন কৰা হয়। প্রয়াত মহন্তই স্থাপন কৰা সত্ৰসমূহৰ ভিতৰত বৰঙাজুলি সত্ৰত মাত্ৰ বড়ো জনগোষ্ঠীৰ সত্ৰাধিকাৰ আছিল। পুৱাৰ ভাগৰ অনুষ্ঠানৰ পাছত পুৰী প্ৰকল্পৰ সভানেত্রী কণিকা পাঠকক ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত বঁটা প্ৰদান কৰা হয়।

October 14, 2024 12:13 PM

views 25

কলম্বোত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যক জয়ন্তী পালন

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যক জয়ন্তী শ্ৰীলংকাৰ ৰাজধানী কলম্বোতো পালন কৰা হয়। মহাপুৰুষজনাৰ জয়ন্তীৰ লগত সংগতি ৰাখি কলম্বোত থকা ভাৰতৰ উচ্চায়ুক্তৰ কাৰ্যালয়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৰগীত পৰিৱেশন কৰা হয়। স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্রৰ অধ্যাপক অংকুৰণ দত্তই এই অনুষ্ঠানৰ তদাৰক কৰে। কলম্বোত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জয়ন্তী পালন কৰিবলৈ পাই অধ্যাপক অংকুৰণ দত্তই নিজকে গৌৰৱান্বিত বুলি কয়। উল্লেখযোগ্য যে কলম্বোত প্ৰথমবাৰৰ বাবে বিদেশী ভাষাত বৰগীত পৰিৱেশন কৰা বুলি শ্রী দত্তই প্রকাশ কৰ...

October 13, 2024 8:06 PM

views 20

বটদ্ৰৱা সত্ৰত ৩ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ পালন

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যক জন্মোৎসৱ উপলক্ষে ৰাজ্যৰ নামঘৰ, সত্ৰসমূহত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই উপলক্ষে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানকে ধৰি নগাঁও জিলাৰ বিভিন্ন প্ৰান্ততো বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ তিথি পালন কৰা হৈছে। বিশেষকৈ বটদ্ৰৱা সত্ৰত তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ পালন কৰা হৈছে। ইপিনে, নগাঁও জিলা সত্র মহাসভাৰ উদ্যোগত কলিয়াবৰৰ জখলাবন্ধা সত্ৰত গুৰুজনাৰ জন্মোৎসৱ সমূহীয়াভাৱে আয়োজন কৰা হৈছে। মহাপুৰুষীয়া বৈষ্ণৱ পন্থাৰ পীঠ...

October 11, 2024 7:34 PM

views 15

ৰাজ্যত কাইলৈ জগদগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যক আবিৰ্ভাৱ তিথি দিনজোৰা কাৰ্যসূচীৰে আয়োজন

জগদগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যক আবিৰ্ভাৱ তিথি কাইলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। কোচবিহাৰৰ মধুপুৰ সত্ৰত শ্ৰীমন্ত শংকৰদেৱৰ জয়ন্তী পুৱা ৬ বজাত প্রভাতী কীর্তনেৰে শুভাৰম্ভ কৰা হ'ব। অসম সত্ৰ মহাসভাৰ উত্তৰ-পশ্চিম মণ্ডলৰ তৰফৰ পৰা জনোৱা অনুসৰি শ্ৰীমন্ত শংকৰদেৱ জয়ন্তী উপলক্ষে কাইলৈ ভাগৱত পাঠ, আয়তিৰ নাম পৰিবেশন, ধর্মালোচনী সভাৰ লগতে সন্ধিয়া বন্তি প্রজ্জ্বলন কাৰ্যসূচী অনুষ্ঠিত হ'ব। ইপিনে, সত্ৰপীঠ মাজুলীত আজিৰ পৰাই গুৰুজনাই ৫৭৬ সংখ্যক জন্মোৎসৱ অনুষ্ঠিত হৈছে। সত্ৰ আৰু না...

September 4, 2024 12:18 PM

views 18

ৰাজ্যজুৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৬ সংখ্যক তিৰোভাৱ তিথি পালন

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৬ সংখ্যক তিৰোভাৱ তিথি আজি ৰাজ্যজুৰি পালন কৰা হৈছে। এই উপলক্ষে ৰাজ্যৰ প্ৰতিটো সত্ৰ-নামঘৰত পুৱাৰে পৰা নাম-প্ৰসংগৰ আয়োজন কৰা হৈছে। সত্ৰনগৰী বৰপেটাত পুৱাৰে পৰা কীৰ্তন মহোৎসৱৰ আয়োজন কৰা হৈছে। পুৱা গীত আৰু ভটিমাৰ অন্তত সত্ৰৰ মুখ্য পাঠকৰ নেতৃত্বত নৃত্য-প্ৰসঙ্গ অনুষ্ঠিত হোৱাৰ পাছতে ভাগৱত পাঠ, ঘোষা কীৰ্তন আৰু ব্যাহ কীর্তন অনুষ্ঠিত হ'ব। বিয়লি বৰপেটাৰ বৃন্দাবন হাটীৰ ভকতসকলে কীর্তন মহোৎসৱ উপলক্ষে কৰভাৰ প্ৰদান কৰিব। এই কৰভাৰত ভকতসকলে হাটীৰ প্রথা অনুসৰি চাউল, কাচকল, কোঁমোৰা, মি...