October 16, 2025 10:01 AM October 16, 2025 10:01 AM

views 25

শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী হাৰিনী অমৰাছুৰিয়া দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত

শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী হাৰিনী অমৰাছুৰিয়া আজি দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হয়। প্রধানমন্ত্ৰীৰূপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত এয়া হ'ব তেওঁৰ প্ৰথমটো ভাৰত ভ্ৰমণ। ভ্ৰমণকালত প্রধানমন্ত্ৰীগৰাকীয়ে বিভিন্ন খণ্ডত দ্বিপাক্ষিক সহযোগিতা ত্বৰান্বিত কৰাৰ লগতে দ্বিপাক্ষিক স্বার্থজড়িত ভালেমান বিষয়ে আলোচনা কৰিবলৈ ভাৰতৰ জ্যেষ্ঠ ৰাজনৈতিক নেতাসকলৰ সৈতে আলোচনাত মিলিত হ'ব। অভ্যাগত প্ৰধানমন্ত্ৰীগৰাকীয়ে ব্যক্তিগত খণ্ডৰ এটা টেলিভিছন চেনেলে আয়োজন কৰা এখন সন্মিলনতো ভাষণ দিব। শ্রীলংকাৰ প্ৰধানমন্ত্ৰীৰ লগতে...