June 13, 2025 12:28 PM
15
শ্ৰীলংকাৰ কলম্বোত ভাৰতীয় উচ্চায়োগৰ স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত মহাপুৰুষ মাধৱদেৱৰ আবিৰ্ভাৱ মহোৎসৱ উদযাপন
শ্ৰীলংকাৰ কলম্বোত ভাৰতীয় উচ্চায়োগৰ স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত মহাপুৰুষ মাধৱদেৱৰ ৫৩৬ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ কালি প্ৰথমবাৰৰ বাবে উদযাপন কৰা হয়। দিনজোৰা কাৰ্যসূচীৰে পালন কৰা এই অনুষ্ঠানত মহাপুৰুষজনাৰ এটি বৰগীত সিংহলী ভাষালৈ অনুবাদ কৰি পৰিৱেশন কৰা হয়। কেন্দ্ৰটোৰ পৰিচালক আৰু প্ৰথম সঞ্চালক, অধ্যাপক অংকুৰণ দত্তৰ উদ্যোগ আৰু পৰিকল্পনাত অধ্যাপক উপুল ৰঞ্জিতে হেৱাৱিটানগমগেয়ে সিংহলী ভাষালৈ অনুবাদ কৰা ‘উঠৰে উঠ বাপু গোপাল হে' বৰগীতটো অচিথ আট্টাপাটুৱে পৰিৱেশন কৰে। আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে...