July 19, 2024 11:38 AM

views 20

শ্ৰীলংকাত হ’বলগীয়া চিলন মাষ্টাৰ্ছ আন্তর্জাতিক বেডমিণ্টনৰ ভাৰতীয় দলত অসমৰ বিজয় বৰ্মন আৰু অৰূপ বুঢ়াগোহাঁইৰ স্থান লাভ

শ্ৰীলংকাৰ কলম্বোত অহা ২৫ জুলাইৰ পৰা হ'বলগীয়া চিলন মাষ্টাৰ্ছ আন্তর্জাতিক বেডমিণ্টন প্রতিযোগিতাৰ বাবে ঘোষিত ভাৰতীয় দলত অসমৰ বিজয় বৰ্মন আৰু অৰূপ বুঢ়াগোঁহাইয়ে স্থান লাভ কৰিছে। বিজয় বর্মনে প্রতিযোগিতাখনৰ ৫৫ বছৰ ঊৰ্ধ্বৰ ডাবলছ আৰু ৫০ বছৰ ঊৰ্ধ্বৰ মিক্সড ডাবলছ শাখাত অৱতীৰ্ণ হ'ব। ৫৫ বছৰ ঊৰ্ধ্বৰ ডাবলছত বিজয় বৰ্মনৰ সৈতে অৰূপ বুঢ়াগোঁহায়ে যুটি বান্ধিব। উল্লেখযোগ্য যে ২০২৩ চনত দক্ষিণ কোৰিয়াত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বিপতো বিজয় বৰ্মন আৰু অৰূপ বুঢ়াগোঁহায়ে ভাৰতীয় দলক প্রতিনিধিত্ব কৰিছে।