August 26, 2024 8:55 PM
25
ৰাজ্যত উলহ-মালহেৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন
ৰাজ্যত উলহ-মালহেৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন কৰা হৈছে। সত্ৰপীঠ মাজুলীত পুৱাৰ পৰাই নাম-প্ৰসংগ, নৃত্য-গীত আদি পৰিৱেশন কৰা হয়। মাজুলীৰ ৩৫ খন সত্ৰ আৰু ৩ শতাধিক নামঘৰত উলহ-মালহেৰে জন্মাষ্টমী পালন কৰা হয়। জন্মাষ্টমী উপলক্ষে মাজুলীৰ কেইবাখনো শিক্ষানুষ্ঠানত কৃষ্ণ নৃত্য, দিহা নাম আদি বিভিন্ন কাৰ্যসূচী আয়োজিত হয়। বৰপেটা জিলাৰ সৰভোগৰ গৰখীয়া গোসাঁই থানৰ লগতে বৰপেটা সত্ৰ, সুন্দৰীদিয়া সত্ৰ আৰু পাটবাউসী সত্ৰত সত্ৰীয়া ৰীতি-নীতিৰে জন্মাষ্টমী পালন কৰা হয়। বৰপেটা সত্ৰত কৃষ্ণৰ জন্ম আৰু শিশু কৃষ্ণৰ লীলা পৰি...