July 28, 2025 11:27 AM

views 16

শ্ৰীভূমি চহৰত ৮১ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া অত্যাধুনিক পানীযোগান প্ৰকল্পৰ আধাৰশিলা স্থাপন

ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ উপস্থিতিত কালি শ্ৰীভূমি চহৰত ৮১ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া অত্যাধুনিক পানীযোগান প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হয় । এই বৃহৎ প্ৰকল্পই শ্ৰীভূমি চহৰত খোৱাপানীৰ সমস্যা সমাধান কৰিব বুলি মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে ৷ অনুষ্ঠানত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পাল, খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়কে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।