January 20, 2026 8:35 PM

views 11

শ্ৰীভূমি জিলাত প্ৰশাসনৰ উদ্যোগত ৫৫ কোটি টকাৰো অধিক মূল্যৰ মাদক দ্রব্য বিনষ্ট

শ্ৰীভূমি জিলাত আজি প্ৰশাসনৰ উদ্যোগত ৫৫ কোটি টকাৰো অধিক মূল্যৰ মাদক দ্রব্য বিনষ্ট কৰা হয়। জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক লীনা দলেৰ উপস্থিতিত ছৰিফ নগৰত আনুষ্ঠানিকভাৱে মাদক দ্রব্যখিনি ধ্বংস কৰা হয়। উল্লেখযোগ্য যে জিলাখনৰ বিভিন্ন থানাৰ আৰক্ষীয়ে চলোৱা ৮১ টা অভিযানত ১৩১ জন সৰবৰাহকাৰীৰ পৰা এই নিচাযুক্ত সামগ্ৰীখিনি জব্দ কৰা হৈছিল।

December 9, 2024 1:45 PM

views 29

শ্রীভূমি জিলাৰ অসম-ত্ৰিপুৰা ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীৰ অভিযানত প্ৰায় ৫ কোটি টকা মূল্যৰ কাহৰ ঔষধ জব্দ

শ্রীভূমি জিলাৰ চূড়াইবাৰী আৰক্ষীয়ে কালি অসম-ত্ৰিপুৰা ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই প্ৰায় ৫ কোটি টকা মূল্যৰ কাহৰ ঔষধ জব্দ কৰে। এখন পিঁয়াজভর্তি ট্রাকত কলকতাৰ পৰা অসম হৈ ত্ৰিপুৰালৈ এই কাহৰ ঔষধখিনি কঢ়িয়াই নি থকা অৱস্থাত আৰক্ষীয়ে ঔষধখিনি জব্দ কৰে। ২৯৪ টা বাকচত এই ঔষধখিনি ট্রাকখনত কঢ়িয়াই অনা হৈছিল।

November 27, 2024 9:05 PM

views 24

শ্রীভূমি জিলাৰ পেটেল নগৰত বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰীসহ দুজনক গ্ৰেপ্তাৰ

শ্রীভূমি জিলা আৰক্ষীয়ে আজি জিলাখনৰ পেটেল নগৰ অঞ্চলত অভিযান চলাই মিজোৰামৰ পৰা অহা দুখন বাহনত বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰী উদ্ধাৰ কৰাৰ লগতে এই সংক্ৰান্তত দুয়োজন লোকক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা লোককেইজন কাছাৰ জিলাৰ বাসিন্দা বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। আৰক্ষীয়ে লোককেইজনৰ জিম্মাৰ পৰা জব্দ কৰা নিচাযুক্ত টেবলেটসমূহৰ বজাৰ মূল্য আনুমানিক ১ কোটি টকাৰো অধিক বুলি প্ৰকাশ কৰিছে। আৰক্ষীয়ে এই সন্দৰ্ভত গোচৰ ৰুজু কৰি অভিযুক্ত দুজনক জেৰা কৰি আছে৷