January 24, 2026 8:21 PM

views 44

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে শ্রীভূমি জিলাতো কাইলৈ ষষ্ঠদশ ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হ’ব

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে শ্রীভূমি জিলাতো কাইলৈ ষষ্ঠদশ ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হ'ব। এই উপলক্ষে জিলাখনৰ সকলো চৰকাৰী কাৰ্যালয়, শিক্ষা প্ৰতিষ্ঠান, ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আদিত ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ অংগীকাৰ লোৱা হয়। এই বছৰৰ ভোটাৰ দিৱসৰ বিষয়বস্তু - মাই ইণ্ডিয়া মাই ভোটৰ আধাৰত নিৰ্বাচন আযোগে প্ৰেৰণ কৰা ভোটাৰৰ অংগীকাৰ পাঠ কৰাবলৈ জিলাৰ সকলো কাৰ্যালয়ৰ মুৰব্বীসকলক আয়োগৰ তৰফৰ পৰা অনুৰোধ জনোৱা হৈছে।

January 22, 2026 12:33 PM

views 18

শ্রীভূমি জিলাৰ আয়ুক্তৰ ঘোষণা: ভোটদাতা তালিকা সম্পৰ্কীয় সকলো বিষয় নিষ্পত্তি ব্যৱস্থা কৰা হৈছে

শ্রীভূমি জিলাৰ আয়ুক্তই ১৯৫০ চনৰ জনসাধাৰণৰ প্ৰতিনিধিত্ব আইন, ১৯৬০ চনৰ ভোটদাতা পঞ্জীয়ন নিয়মাৱলী আৰু নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি ভোটদাতা তালিকা সম্পৰ্কীয় সকলো বিষয় নিষ্পত্তি ব্যৱস্থা কৰা হৈছে বুলি স্পষ্ট কৰি দিছে। সত্যাসত্য নিৰূপণ আৰু সংশ্লিষ্ট প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱাকৈ কোনো ভোটদাতাৰ নাম ভোটাৰ তালিকাৰ পৰা আঁতৰোৱা হোৱা নাই বা সালসলনিও কৰা হোৱা নাই । জিলা আয়ুক্তই লগতে দাবী আৰু ওজৰ-আপত্তিৰ সত্যাসত্য নিৰূপণ আৰু সেই সন্দৰ্ভত প্রতিবেদন দাখিল কৰাটো বুথ পৰ্যায়ৰ বিষয়াসকলৰ মূল দায়িত্ব আৰু বু...

January 6, 2026 7:10 AM

views 18

সমাগত গণৰাজ্য দিৱস উদযাপনৰ বাবে শ্রীভূমি জিলাত আজি বিশেষ প্রস্তুতি সভা

● সমাগত গণৰাজ্য দিৱস উদযাপনৰ বাবে শ্রীভূমি জিলাত আজি বিশেষ প্রস্তুতি সভা অনুষ্ঠিত হয়। শ্রীভূমি জিলাৰ জিলা আয়ুক্ত প্রদীপ কুমাৰ দ্বিৱেদীৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত সমাগত গণৰাজ্য দিৱসৰ মুখ্য অনুষ্ঠান শ্ৰীভূমিৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'ব বুলি সিদ্ধান্ত লোৱা হয়। সভাৰ আৰম্ভণিতে সহকাৰী আয়ুক্ত ৰূপক মজুমদাৰে বিগত বছৰৰ গণতন্ত্ৰ দিৱস উদযাপনৰ তালিকা পাঠ কৰে। সভাত গৃহীত নিয়মীয়া সিদ্ধান্তসমূহৰ উপৰি জিলা আয়ুক্তই এই বছৰ গণৰাজ্য দিৱস যথাযোগ্য মর্যাদাৰে উদযাপন কৰিবলৈ আৰু ইয়া...

August 25, 2025 10:37 AM

views 22

মাদকদ্রব্য বিৰোধী দুটা পৃথক অভিযানত ২০ হাজাৰ য়াবা টেবলেট জব্দ শ্ৰীভূমি আৰক্ষীৰ

■ শ্ৰীভূমি আৰক্ষীয়ে যোৱা নিশা মাদকদ্রব্য বিৰোধী দুটা পৃথক অভিযানত ২০ হাজাৰ য়াবা টেবলেট জব্দ কৰে। জব্দ কৰা টেবলেটখিনিৰ বজাৰ মূল্য তিনি কোটি টকাৰো অধিক বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। আৰক্ষীয়ে এই সংক্ৰান্তত দুজন লোকক আটক কৰে।

July 23, 2025 9:03 PM

views 31

কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰ্যালয়ৰ নিচামুক্ত ভাৰত অভিযানৰ অধীনত শ্রীভূমি জিলাত সজাগতা সমদল

কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰ্যালয়ৰ নিচামুক্ত ভাৰত অভিযানৰ অধীনত শ্রীভূমি জিলাত আজি সজাগতা সমদল উলিওৱা হয়। শ্রীভূমিৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত আয়োজন কৰা এই সমদলত বহুলোকে অংশগ্ৰহণ কৰে। নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে এখন প্ৰচাৰ বাহনো আজি মুকলি কৰা হয়। শ্রীভূমিৰ জিলা আয়ুক্ত প্ৰদীপ কুমাৰ দ্বিৱেদীয়ে প্ৰচাৰ বাহনখন মুকলি কৰে।

April 22, 2025 12:49 PM

views 36

শ্রীভূমি জিলাৰ নিৰ্বাচনী আদর্শ আচৰণ বিধি কোষৰ পঞ্চায়ত নিৰ্বাচনত লাউড স্পীকাৰ ব্যৱহাৰৰ চৰ্ত সাপেক্ষে অনুমতি

■ শ্রীভূমি জিলাৰ নিৰ্বাচনী আদর্শ আচৰণ বিধি কোষে সমাগত পঞ্চায়ত নিৰ্বাচনত লাউড স্পীকাৰ ব্যৱহাৰৰ চৰ্ত সাপেক্ষে অনুমতি দিছে। এই চৰ্তসমূহৰ ভিতৰত আছে সকলো ৰাজনৈতিক দল, প্রার্থী, নিৰ্দলীয় প্ৰাৰ্থী আৰু প্ৰচাৰকসকলে অসম ৰাজ্যিক নির্বাচন আয়োগে জাৰি কৰা আদৰ্শ আচৰণবিধি কঠোৰভাৱে মানি চলিব লাগিব। স্থবিৰ বা চলন্ত বাহনত পুৱা ৬ বজাৰ আগতে আৰু নিশা ১০ বজাৰ পাছত লাউড স্পীকাৰৰ ব্যৱহাৰ সম্পূৰ্ণ নিষিদ্ধ কৰা হৈছে। কোনো ৰাজনৈতিক দল বা প্রার্থীয়ে যদি লাউড স্পীকাৰৰ জৰিয়তে ৰাজহুৱা স্থানত প্ৰচাৰ চলাব বিচাৰে তেন্তে সংশ্ল...

March 30, 2025 2:25 PM

views 34

শ্রীভূমিত ৪জন বাংলাদেশী নাগৰিকক আটক

■ শ্রীভূমি আৰক্ষীয়ে কালি ভাৰতত অবৈধভাৱে প্ৰৱেশৰ চেষ্টা চলোৱা চাৰিজন বাংলাদেশী নাগৰিকক আটক কৰি পুনৰ ওভতাই পঠিয়াই। এই লোক কেইজনক মহম্মদ শ্বাৱন, মহম্মদ এছ এম পলাছ, আদ্দাছ মল্লিক আৰু ৰুকছানা বেগম বুলি চিনাক্ত কৰা হৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে এই কথা প্ৰকাশ কৰিছে। যোৱা বছৰ চুবুৰীয়া ৰাষ্ট্ৰখনত অশান্ত পৰিস্থিতি সৃষ্টি হোৱাৰ পাছৰে পৰা অসমত কমেও ৩২০ জন অনুপ্রৱেশকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে।