August 25, 2025 10:37 AM August 25, 2025 10:37 AM

views 14

মাদকদ্রব্য বিৰোধী দুটা পৃথক অভিযানত ২০ হাজাৰ য়াবা টেবলেট জব্দ শ্ৰীভূমি আৰক্ষীৰ

■ শ্ৰীভূমি আৰক্ষীয়ে যোৱা নিশা মাদকদ্রব্য বিৰোধী দুটা পৃথক অভিযানত ২০ হাজাৰ য়াবা টেবলেট জব্দ কৰে। জব্দ কৰা টেবলেটখিনিৰ বজাৰ মূল্য তিনি কোটি টকাৰো অধিক বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। আৰক্ষীয়ে এই সংক্ৰান্তত দুজন লোকক আটক কৰে।

July 23, 2025 9:03 PM July 23, 2025 9:03 PM

views 17

কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰ্যালয়ৰ নিচামুক্ত ভাৰত অভিযানৰ অধীনত শ্রীভূমি জিলাত সজাগতা সমদল

কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰ্যালয়ৰ নিচামুক্ত ভাৰত অভিযানৰ অধীনত শ্রীভূমি জিলাত আজি সজাগতা সমদল উলিওৱা হয়। শ্রীভূমিৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত আয়োজন কৰা এই সমদলত বহুলোকে অংশগ্ৰহণ কৰে। নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে এখন প্ৰচাৰ বাহনো আজি মুকলি কৰা হয়। শ্রীভূমিৰ জিলা আয়ুক্ত প্ৰদীপ কুমাৰ দ্বিৱেদীয়ে প্ৰচাৰ বাহনখন মুকলি কৰে।

April 22, 2025 12:49 PM April 22, 2025 12:49 PM

views 17

শ্রীভূমি জিলাৰ নিৰ্বাচনী আদর্শ আচৰণ বিধি কোষৰ পঞ্চায়ত নিৰ্বাচনত লাউড স্পীকাৰ ব্যৱহাৰৰ চৰ্ত সাপেক্ষে অনুমতি

■ শ্রীভূমি জিলাৰ নিৰ্বাচনী আদর্শ আচৰণ বিধি কোষে সমাগত পঞ্চায়ত নিৰ্বাচনত লাউড স্পীকাৰ ব্যৱহাৰৰ চৰ্ত সাপেক্ষে অনুমতি দিছে। এই চৰ্তসমূহৰ ভিতৰত আছে সকলো ৰাজনৈতিক দল, প্রার্থী, নিৰ্দলীয় প্ৰাৰ্থী আৰু প্ৰচাৰকসকলে অসম ৰাজ্যিক নির্বাচন আয়োগে জাৰি কৰা আদৰ্শ আচৰণবিধি কঠোৰভাৱে মানি চলিব লাগিব। স্থবিৰ বা চলন্ত বাহনত পুৱা ৬ বজাৰ আগতে আৰু নিশা ১০ বজাৰ পাছত লাউড স্পীকাৰৰ ব্যৱহাৰ সম্পূৰ্ণ নিষিদ্ধ কৰা হৈছে। কোনো ৰাজনৈতিক দল বা প্রার্থীয়ে যদি লাউড স্পীকাৰৰ জৰিয়তে ৰাজহুৱা স্থানত প্ৰচাৰ চলাব বিচাৰে তেন্তে সংশ্ল...

March 30, 2025 2:25 PM March 30, 2025 2:25 PM

views 13

শ্রীভূমিত ৪জন বাংলাদেশী নাগৰিকক আটক

■ শ্রীভূমি আৰক্ষীয়ে কালি ভাৰতত অবৈধভাৱে প্ৰৱেশৰ চেষ্টা চলোৱা চাৰিজন বাংলাদেশী নাগৰিকক আটক কৰি পুনৰ ওভতাই পঠিয়াই। এই লোক কেইজনক মহম্মদ শ্বাৱন, মহম্মদ এছ এম পলাছ, আদ্দাছ মল্লিক আৰু ৰুকছানা বেগম বুলি চিনাক্ত কৰা হৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে এই কথা প্ৰকাশ কৰিছে। যোৱা বছৰ চুবুৰীয়া ৰাষ্ট্ৰখনত অশান্ত পৰিস্থিতি সৃষ্টি হোৱাৰ পাছৰে পৰা অসমত কমেও ৩২০ জন অনুপ্রৱেশকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে।