October 6, 2025 8:19 PM

views 24

ৰাজ্যজুৰি ধন আৰু ঐশ্বৰ্যৰ দেৱী শ্ৰীশ্ৰীলক্ষ্মী দেৱীৰ পূজা উদযাপন

ধন আৰু ঐশ্বৰ্যৰ দেৱী শ্ৰীশ্ৰীলক্ষ্মী দেৱীৰ পূজা আজি সমগ্ৰ ৰাজ্যতে অনুষ্ঠিত হৈছে। ভক্তসকলে ঘৰে ঘৰে নৈবদ্য, ধূপ-দীপ আগবঢ়াই নিজ নিজ গৃহলৈ ঐশ্বর্যবিভূতি আগমনৰ কামনা কৰিছে। কোনো কোনো ঠাইত ৰাজহুৱাভাৱেও লক্ষ্মী দেৱীৰ পূজাৰ আয়োজন কৰা হৈছে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ বাবে এইবাৰৰ ৰাজহুৱা লক্ষ্মী পূজাসমূহো কিছু স্তিমিত হোৱা পৰিলক্ষিত হৈছে। ডিব্ৰুগড় মহানগৰৰ বজাৰৰ লগতে উপকণ্ঠ অঞ্চলৰ বজাৰসমূহত আজি পুৱাৰে পৰা লক্ষ্মী দেৱীৰ প্ৰতিমা, পূজা সামগ্ৰী ক্ৰয় কৰিবলৈ গ্ৰাহকৰ ভিৰ দেখা যায়। ঘৰে ঘৰে দেৱী ল...