December 15, 2024 11:43 AM

views 19

তিনিদিনীয়া কাৰ্যসূচীৰে ভাৰতলৈ আহিব শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিশানায়ক

শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিশানায়কে আজি তিনিদিনীয়া কাৰ্যসূচীৰে ভাৰতলৈ আহিব। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পাছত শ্ৰীদিশানায়কেৰ এয়া প্ৰথম ভ্ৰমণ হ'ব। এই তিনিদিনীয়া ভ্রমণকালত শ্রীদিশানায়কে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক, আঞ্চলিক আৰু পাৰস্পৰিক স্বার্থজড়িত বিভিন্ন আন্তঃৰাষ্ট্ৰীয় বিষয় লৈ আলোচনা কৰিব। ৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্রমণে ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ বহুপাক্ষিক আৰু পাৰস্পৰিক সহযোগিতা অধিক সুদৃঢ় কৰিব।

November 22, 2024 5:58 PM

views 17

নেচনেল পিপ’ল্‌ছ পাৱাৰ দলৰ ২৯ গৰাকী সদস্যক উপ মন্ত্ৰী হিচাপে নিযুক্তি শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ

শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিশানায়কে আজি তেওঁৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটাইছে। দিশানায়াকাই আজি শাসনাধিষ্ঠিত নেচনেল পিপ’ল্‌ছ পাৱাৰ দলৰ ২৯ গৰাকী সদস্যক উপ মন্ত্ৰী হিচাপে নিযুক্তি দিছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ পাছত দিশানায়কাই যোৱা সোমবাৰে ২১ গৰাকী মন্ত্ৰীক কেবিনেট মন্ত্ৰীৰূপে মন্ত্রীসভাত অন্তর্ভুক্ত কৰিছিল। প্ৰধানমন্ত্ৰীৰূপে দিশানায়কে পুনৰ নিযুক্তি দিয়া প্রধানমন্ত্ৰী হৰিণী অমৰাচুৰীয়াৰ লগতে সোমবাৰে শপতগ্ৰহণ কৰা আনসকলৰ ভিতৰত পূৰ্বৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী বিজিতা হেৰথো আ...