May 24, 2025 8:21 PM
21
কিদাম্বি শ্রীকান্ত মালয়েছিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ
ভাৰতৰ তাৰকা খেলুৱৈ কিদাম্বি শ্রীকান্তে কুৱালালামপুৰত চলি থকা মালয়েছিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। কিদাম্বিয়ে আজি ছেমিফাইনেলত জাপানৰ য়ুশ্বি তানাকাক ২১-১৮, ২৪-২২ গেমত পৰাজিত কৰে। এই জয়ৰ জয়ৰ সুবাদত খেলুৱৈগৰাকী চলিত বছৰত কোনো আগশাৰীৰ প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হৈছে। কিদাম্বি কাইলৈ ফাইনেলত চীনৰ লী শ্বি ফেঙৰ সৈতে অৱতীৰ্ণ হ'ব।