April 28, 2025 8:20 PM

views 15

দিল্লীত অনুষ্ঠিত এছিয়া যোগাসন ক্রীড়াত মৰিগাঁৱৰ স্পৃহা ঋষি কাশ্যপৰ দুটা সোণ; ৮৩টা সোণৰ পদকেৰে ভাৰত শীৰ্ষস্থানত

এছিয়া যোগাসন ক্রীড়া প্রতিযোগিতাত মৰিগাঁৱৰ স্পৃহা ঋষি কাশ্যপে দুটা সোণৰ পদক অৰ্জন কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। দিল্লীত অনুষ্ঠিত এই প্ৰতিযোগিতাত ভাৰতে সৰ্বমুঠ ৮৩টা সোণৰ পদকেৰে বিশেষ সফলতা প্রদর্শন কৰি পদক তালিকাত শীৰ্ষস্থান দখল কৰিছে। যোৱা ২৫ তাৰিখৰ পৰা অনুষ্ঠিত প্ৰতিযোগিতাত মৰিগাঁও জিলাৰ খেলুৱৈগৰাকীয়ে বেক বেণ্ডিঙৰ ব্যক্তিগত শাখাত আৰু দলীয় শাখাত ভাৰতক প্রতিনিধিত্ব কৰি দুয়োটা শাখাতে সোণৰ পদক অৰ্জন কৰিবলৈ সমৰ্থ হয়। কালি সামৰণি পৰা প্ৰতিযোগিতাখনত ভাৰতে তিনিটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদকেৰে মুঠ ...