June 15, 2024 9:30 PM

views 20

ব্ৰীকছ ক্রীড়া মহোৎসৱত ব্ৰঞ্জৰ পদক লাভ কৰা ভাৰতীয় মহিলা টেবল টেনিছ দলক ড০ মনসুখ মন্দাভিয়াৰ অভিনন্দন

যুৱ আৰু ক্ৰীড়া পৰিক্ৰমা মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই ৰাছিয়াৰ কাজানত অনুষ্ঠিত ব্ৰীকচ্‌ ক্রীড়া মহোৎসৱত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে ভাৰতীয় মহিলা টেবল টেনিছ দলক অভিনন্দন জনাইছে। ড০ মন্দাভিয়াই সামাজিক মাধ্যমযোগে প্রতিযোগিতাত প্ৰথমটো পদক অৰ্জন কৰাৰ কৃতিত্ব লাভৰ বাবে মহিলা দলটোক প্ৰশংসা কৰিছে। তেওঁ দলটোৱে দেশক গৌৰৱান্বিত কৰা বুলি মন্তব্য কৰিছে। মন্ত্ৰীগৰাকীয়ে লগতে ভৱিষ্যতে খেলুৱৈ কেইগৰাকীৰ সাফল্য কামনা কৰিছে।