June 13, 2025 8:19 PM

views 19

যোৰহাটত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ ১০ লাখ টকা মূল্যৰ ক্ৰীড়া সামগ্ৰী বিতৰণ

অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যান বিভাগৰ উদ্যোগত যোৰহাটৰ এটা সংঘত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ১০ লাখ টকা মূল্যৰ ক্ৰীড়া সামগ্ৰী বিতৰণ কৰে। সমষ্টি পৰ্যায়ৰ বিত্তীয় অনুদান আঁচনিৰ অধীনত অসমৰ সকলো বিধানসভা সমষ্টি সামৰি ১২৬ টা অগ্ৰণী যুৱক সংঘ বা ক্রীড়া সন্থালৈ বিভিন্ন ক্রীড়া সামগ্ৰী যোগান ধৰাৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। এই পদক্ষেপৰ অংশ হিচাপে যোৰহাটৰ ঘৰফলিয়া গাওঁৰ ৰমাকান্ত সমাজ কল্যাণ সংঘত আজি ক্রীড়া সামগ্ৰীসমূহ বিতৰণ কৰা হয়।