August 29, 2025 8:30 PM
8
অমৃত উদ্যানত অনুষ্ঠিত এটা অনুষ্ঠানত ক্রীড়াবিদসকলৰ সৈতে মত-বিনিময় ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰীয় ক্রীড়া দিৱস উপলক্ষে অমৃত উদ্যানত অনুষ্ঠিত এটা অনুষ্ঠানত ক্রীড়াবিদসকলৰ সৈতে মত-বিনিময় কৰে। ক্রীড়া দিৱস উদযাপনৰ উদ্যেশ্যে ক্রীড়াবিদসকলক অমৃত উদ্যানত আজি বিশেষ সুবিধা প্ৰদান কৰা হয়। এই উদ্যানখন এই মাহৰ ১৪ তাৰিখলৈ খোলা থাকিব। অমৃত উদ্যানৰ প্ৰবেশ মাচুল বিনামূলীয়া কৰাৰ লগতে স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ৰাষ্ট্ৰপতি ভৱনৰ সংগ্ৰহালয়ৰ প্ৰবেশ বিনামূলীয়া কৰা হৈছে। দর্শনার্থীসকলে অনলাইনযোগেও টিকট বুকিং কৰিব পাৰিব।