January 16, 2026 12:33 PM

views 12

ক্রীড়া আৰু যুৱ কল্যাণ বিভাগে আৰু ইনস্পায়াৰৰ সহযোগত গুৱাহাটীত অত্যাধুনিক ছেটেলাইট ক্রীড়া কেন্দ্ৰ নিৰ্মাণৰ পৰিকল্পনা

ক্রীড়া আৰু যুৱ কল্যাণ বিভাগে অলিম্পিক খেলুৱৈসকলক প্রশিক্ষণ দিয়া দেশৰ বিখ্যাত সংস্থা ইনস্পায়াৰ ক্রীড়া প্ৰতিষ্ঠানৰ সহযোগত গুৱাহাটীত এটা অত্যাধুনিক ছেটেলাইট ক্রীড়া কেন্দ্ৰ নিৰ্মাণৰ পৰিকল্পনা গ্রহণ কৰিছে। ৰাজ্যৰ প্ৰতিভাবান যুৱ খেলুৱৈসকলক উন্নত তথা আধুনিক ক্রীড়া প্রশিক্ষণ প্ৰদানৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে। ক্রীড়া বিভাগ আৰু ইনস্পায়াৰ প্ৰতিষ্ঠানৰ যৌথ উদ্যোগত পৰিচালিত এই কেন্দ্ৰৰ জৰিয়তে প্রথম পর্যায়ত এথলেটিকছ, আৰ্চাৰী, টাইকোৱাণ্ডো, টেবুল টেনিছ, লন টেনিছ, দবা আৰু সাঁতোৰৰ শিবিৰৰ আয়োজন কৰা হৈছে। দবা খ...