October 28, 2025 8:52 PM

views 43

ৰাষ্ট্ৰীয় ক্রীড়া বঁটাসমূহৰ বাবে আবেদন দাখিলৰ সময়সীমা ৪ নৱেম্বৰলৈ বৃদ্ধি

ৰাষ্ট্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্রীড়া মন্ত্রালয়ে ৰাষ্ট্ৰীয় ক্রীড়া বঁটাসমূহৰ বাবে আবেদন দাখিলৰ সময়সীমা ৪ নৱেম্বৰলৈ বৃদ্ধি কৰিছে। যোগ্য খেলুৱৈ, প্রশিক্ষক আৰু প্রতিষ্ঠানসমূহে www.dbtyas-sports.gov.in পোর্টেলৰ যোগে আবেদন দাখিল কৰিব পাৰিব। ক্রীড়াৰ ক্ষেত্ৰত অতুলনীয় অৱদান আৰু প্ৰদৰ্শনৰ স্বীকৃতিস্বৰূপে বছৰি এই বঁটাসমূহ প্রদান কৰা হয়।

January 17, 2025 7:58 PM

views 14

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ এই বছৰৰ ৰাষ্ট্ৰীয় ক্রীড়া বঁটাসমূহ প্ৰদান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত এই বছৰৰ ৰাষ্ট্ৰীয় ক্রীড়া বঁটাসমূহ প্ৰদান কৰে। বিশ্ব দবা চেম্পিয়ন দি গুকেশ, পেৰিছ অলিম্পিকত দুটাকৈ পদক বিজেতা মনু ভাকৰ, ভাৰতীয় হকী দলৰ অধিনায়ক হৰমনপ্রীত সিং আৰু পেৰিছ পেৰালিম্পিকত স্বর্ণ পদক বিজেতা প্ৰবীন কুমাৰক মেজৰ ধ্যানচন্দ খেলৰত্ন বঁটা প্ৰদান কৰা হয়। ক্ৰীড়াৰ ক্ষেত্ৰত বিগত ৪ বছৰত আগবঢ়োৱা অনন্য প্ৰদৰ্শনৰ বাবে খেলুৱৈসকলক এই বঁটা প্ৰদান কৰা হয়। একেদৰে ৩২ গৰাকী খেলুৱৈক অৰ্জুন বঁটা প্ৰদান কৰা হয়। অর্জুন বঁটা লাভ...

January 17, 2025 10:08 AM

views 15

ৰাষ্ট্ৰপতি ভৱনত এই বছৰৰ ৰাষ্ট্ৰীয় ক্রীড়া বঁটাসমূহ প্ৰদান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত এই বছৰৰ ৰাষ্ট্ৰীয় ক্রীড়া বঁটাসমূহ প্ৰদান কৰিব। বিশ্ব দবা চেম্পিয়ন দি গুকেশ, পেৰিছ অলিম্পিকত দুটাকৈ পদক বিজেতা মনু ভাকৰ, ভাৰতীয় হকী দলৰ অধিনায়ক হৰমনপ্রীত সিং আৰু পেৰিছ পেৰালিম্পিকত স্বর্ণ পদক বিজেতা প্রবীন কুমাৰক মেজৰ ধ্যানচন্দ খেলৰত্ন বঁটা প্ৰদান কৰা হ'ব। ক্ৰীড়াৰ ক্ষেত্ৰত বিগত ৪ বছৰত আগবঢ়োৱা অনন্য প্ৰদৰ্শনৰ বাবে খেলুৱৈসকলক এই বঁটা প্ৰদান কৰা হ'ব। একেদৰে ৩২ গৰাকী খেলুৱৈক অৰ্জুন বঁটা প্ৰদান কৰা হ'ব। অর্জুন বঁটা লা...