December 24, 2024 9:12 PM

views 16

বৰদিন উপলক্ষে দেশবাসীলৈ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ ওলগ

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে বৰদিন উপলক্ষে দেশবাসীক ওলগ জনাইছে। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে এটা বাৰ্তাত কৈছে যে, বৰদিনে আশা, দয়া আৰু কৰুণাৰ সাৰ্বজনীন বার্তা বহন কৰে। তেওঁ কয়, যে যীশুখ্ৰীষ্টৰ শিকনিসমূহ আজিও প্রাসংগিক হৈ আছে আৰু এই শিকনিসমূহে সকলো জনসাধাৰণৰ মাজত বুজাবুজি, সহানুভুতি আৰু পাৰস্পৰিক বিশ্বাসৰ মৌলিক গুৰুত্বৰ কথা সোঁৱৰাই দিয়ে। এই আমাৰ সংবিধানৰ একতা, ন্যায় আৰু ভাতৃত্ববোধৰ প্ৰমূল্যৰ সৈতে এই আদৰ্শৰাজিৰ সামঞ্জস্য আছে বুলিও শ্রীধনখড়ে প্ৰকাশ কৰে ।