January 16, 2025 5:48 PM

views 12

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ স্পেডেক্স মিছনৰ অধীনত দুটা উপগ্ৰহৰ সংযোজন

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ই ইয়াৰ স্পেডেক্স মিছনৰ অধীনত আজি দুটা উপগ্ৰহৰ সংযোজনেৰে উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে। ২০৩৫ চনত ভাৰতে নিজাববীয়াকৈ মহাকাশ কেন্দ্ৰ স্থাপন কৰা পৰিকল্পনাৰ ক্ষেত্ৰত আজিৰ এই সফলতা উল্লেখযোগ্য মাইলৰ খুঁটি ৰূপে পৰিগণিত হৈছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সফলতাৰ বাবে ইছৰোৰ বিজ্ঞানীসকলক অভিনন্দন জনাইছে। অনাগত সময়ত ভাৰত বিশ্বৰ অন্যতম শক্তিশালী মহাকাশ শক্তি ৰূপে পৰিগণিত হোৱাৰ ক্ষেত্ৰত ইয়াৰ গুৰুত্ব অপৰিসীম বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। বিজ্ঞান প্ৰযুক্তি আৰু মহা...