October 25, 2025 11:50 AM October 25, 2025 11:50 AM

views 26

সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত পৰীক্ষামূলকভাৱে ২৫০ মেগাৱাট বিদ্যুৎ উৎপাদন

বহু জল্পনা-কল্পনা, প্রতীক্ষা, বাদ-বিসম্বাদৰ অন্তত কালি সুদীৰ্ঘ ২২ বছৰৰ মূৰত গেৰুকামুখত অৱস্থিত সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত পৰীক্ষামূলকভাৱে ২৫০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰা হয়। নিৰ্মাণকাৰী সংস্থা এন এইচ পি চিৰ মুখ্য পৰিচালন সঞ্চালক ভূপেন্দ্ৰ গুপ্তাই জলবিদ্যুৎ প্ৰকল্পটোৰ মুঠ ৮ টা টার্বাইনৰ কালি ১ নম্বৰ ইউনিটটো মুকলি কৰে। উল্লেখযোগ্য যে ২০০৩ চনৰ পৰা নিৰ্মাণ আৰম্ভ কৰা প্ৰকল্পটোৰ বিৰোধিতাৰে সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্রাম সমিতিকে আদি কৰি কুৰিৰো অধিক দল-সংগঠনে...