August 30, 2025 9:01 PM
26
সোৱণশিৰি নৈৰ জলস্তৰ অস্বাভাৱিক হাৰত বৃদ্ধি
চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হৈ থকা নেৰানেপেৰা বৰষুণৰ বাবে সোৱণশিৰি নৈৰ জলস্তৰ অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে। ইয়াৰ পৰিপ্ৰেক্ষিতত এন এইচ পি চিৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কৰ্তৃপক্ষই ধেমাজি আৰু লখিমপুৰ জিলা প্ৰশাসনলৈ সতর্কতা জাৰি কৰিছে। ধাৰাসাৰ বৰষুণৰ ফলত সোৱণশিৰি নৈৰ জলস্তৰ অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। সোৱণশিৰি জলবিদ্যুৎ প্রকল্প কর্তৃপক্ষই ধেমাজি আৰু লখিমপুৰ জিলা প্ৰশাসনক সতর্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। এন এইচ পি চিৰ কৰ্তৃপক্ষই নৈপৰীয়া লোকসকলক নৈৰ পাৰলৈ নাযাবলৈ পৰ...