October 11, 2025 1:40 PM

views 44

দক্ষিণ শালমাৰা মানকাচৰ জিলাত কাইলৈৰ পৰা তিনিদিনীয়াকৈ পলিঅ’ টীকাকৰণ কাৰ্যসূচী

ৰাজ্যৰ আন প্ৰান্তৰ লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলাতো কাইলৈৰ পৰা তিনিদিনীয়াকৈ পলিঅ' টীকাকৰণ কাৰ্যসূচী অনুষ্ঠিত হ'ব। জিলাখনৰ ৩২২টা স্থানত প্ৰায় ৮০ হাজাৰ শিশুক পলিঅ' টীকা দিয়া হ'ব বুলি জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাই এখন সংবাদমেলযোগে জানিবলৈ দিয়ে। তেওঁ কয়, যে কাইলৈ ৩২২টা স্থানত ৫ বছৰ তলৰ বয়সৰ শিশুক টীকাকৰণ কৰাৰ পাছত ১৩ আৰু ১৪ অক্টোবৰত ঘৰে ঘৰে গৈ টীকাকৰণৰ প্ৰস্তুতি হাতত লোৱা হ'ব। লখিমপুৰ জিলাৰ ৮৬২টা স্থানত পলিঅ' টীকাকৰণ কাৰ্যসূচী অনুষ্ঠিত হ'ব। জিলাখনৰ প্ৰায় এক লাখ ৪০ হাজাৰ শিশুক পলিঅ'ৰ টীকা...