May 25, 2025 7:04 PM

views 14

মেঘালয়ৰ গাৰোপাহাৰৰ পৰা অহা ঢলে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বিভিন্ন অঞ্চলত কালো নদীৰ খহনীয়াৰ ভাবুকি

নেৰানেপেৰা বৰষুণৰ ফলত মেঘালয়ৰ গাৰোপাহাৰৰ পৰা নামি অহা ঢলে দক্ষিণ শালমাৰা মানকাচৰ জিলাত কালো নদীৰ পাৰ খহাই নিয়াৰ উপৰি বিভিন্ন অঞ্চলত খহনীয়াৰ ভাবুকিৰ সৃষ্টি কৰিছে। গাৰোপাহাৰৰ পৰা নামি অহা ঢলে এটা পথ চিগি পেলোৱাৰ ফলত কালাপানী এলেকাত বিস্তৰ ক্ষতি হৈছে। নৈপৰীয়া অঞ্চলত সৃষ্টি হোৱা খহনীয়াই কালাপানী আৰক্ষী চকীৰ লগতে বিভিন্ন অঞ্চলৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। স্থানীয় লোকসকলে এই সমস্যাৰ সমাধানৰ বাবে সংশ্লিষ্ট সকলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

December 29, 2024 9:10 PM

views 15

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ কালাপানী সমবায় সমিতিৰ ২০২৪-২৫ বৰ্ষৰ সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণ সম্পন্ন

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ কালাপানী সমবায় সমিতিৰ ২০২৪-২৫ বৰ্ষৰ সাধাৰণ নিৰ্বাচনৰ আজি ভোটগ্ৰহণ কৰা হয়। এই নিৰ্বাচনত ১৩টা পদৰ বাবে ২৪গৰাকী প্ৰাৰ্থীৰ নিৰ্বাচন প্ৰক্ৰিয়াত ২৯০৫গৰাকী অংশীদাৰ ভোটদাতাই ভোটদানৰ সুযোগ লাভ কৰে। সমবায় সমিতিৰ ভোটগ্ৰহণৰ পূৰ্বে অংশীদাৰসকলক লৈ এখন সাধাৰণ সভা অনুষ্ঠিত হয়।