March 26, 2025 7:20 PM

views 31

দক্ষিণ কোৰিয়াত বনজুইৰ বিধ্বংসী ৰূপ ধাৰণ, ১৮জন লোকৰ প্রাণহানি

দক্ষিণ কোৰিয়াৰ বনজুয়ে দেশখনৰ দক্ষিণ-পূব প্ৰান্তত বিধ্বংসী ৰূপ ধাৰণ কৰিছে। বনজুইৰ ফলত কমেও ১৮জন লোকৰ প্রাণহানি হোৱাৰ লগতে আন ১৯জন লোক আহত হৈছে। দেশখনৰ গৃহ আৰু নিৰাপত্তা মন্ত্ৰালয়ে জনোৱা অনুসৰি এতিয়ালৈকে ২৩ হাজাৰৰো অধিক লোকক সুৰক্ষিত স্থানলৈ আঁতৰাই নিয়া হৈছে। মন্ত্রালয়ে জনোৱা অনুসৰি প্ৰৱল বতাহ বলি থকাৰ পৰিপ্ৰেক্ষিতত বনজুইৰ প্ৰকোপ বৃদ্ধি পাইছে আৰু শতাধিক ভৱন ক্ষতিগ্রস্ত হৈছে। ১৩০০ বছৰ পুৰণি এটা বৌদ্ধ মঠকে ধৰি ভালেমান সাংস্কৃতিক ঐতিহ্যক্ষেত্ৰও বনজুইৰ ফলত বেয়াকৈ প্ৰভাৱিত হৈছে।