October 27, 2025 12:16 PM

views 25

ৰাঁচীত অনুষ্ঠিত চতুর্থ ছাউথ এছিয়ান ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতৰ চেম্পিয়নৰ খিতাপ দখল

ৰাঁচীৰ বীৰচা মুণ্ডা ষ্টেডিয়ামত অনুষ্ঠিত চতুর্থ ছাউথ এছিয়ান ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতে চেম্পিয়নৰ খিতাপ দখল কৰি আঞ্চলিক এথলেটিকত আধিপত্য পুনৰ নিশ্চিত কৰে। কালি সমাপ্ত হোৱা প্ৰতিযোগিতাখনত ভাৰতে ২০টা সোণসহ মুঠ ৫৮টা পদকেৰে শীৰ্ষস্থানত থকাৰ বিপৰীতে ১৬টা সোণসহ মুঠ ৪০টা পদকেৰে শ্ৰীলংকা দ্বিতীয় স্থানত থাকে। দুটা ৰূপ আৰু ৪টা ব্ৰঞ্জৰ পদকেৰে নেপাল তৃতীয় স্থানত থকাৰ লগতে বাংলাদেশ আৰু মালদ্বীপ ক্ৰমে চতুৰ্থ আৰু পঞ্চম স্থানত থাকে। ভূটানে এই প্ৰতিযোগিতাত এটাও পদক নোহোৱাকৈ অভিযান সামৰে।

September 13, 2024 12:22 PM

views 33

ছাউথ এছিয়া এথলেটিকছ প্রতিযোগিতাত ভাৰতৰ ৯টা সোণৰ পদক অৰ্জন

চেন্নাইত অনুষ্ঠিত ছাউথ এছিয়া এথলেটিকছ প্রতিযোগিতাৰ কালি দ্বিতীয় দিনা ভাৰতে ৯টা সোণৰ পদক অৰ্জন কৰে। অনিশাই মহিলাৰ দিছকাছ থ্রোত দেশৰ হৈ প্ৰথমটো সোণৰ পদক দখল কৰে। অনিশা‍ই ৪৯. ৯-১ মিটাৰলৈ দিছকাছ থ্ৰো কৰি নতুন অভিলেখ গঢ়ে। খেলুৱৈগৰাকীয়ে ২০১৮ চনত এ বাজুৱাৰ ৪৮.৬-০ মিটাৰৰ অভিলেখ ভংগ কৰে। অমানত কাম্বোজে ৰূপৰ আৰু শ্ৰীলংকাৰ জে এইছ গৌৰাংগেনিয়ে ব্ৰঞ্জৰ পদক লাভ কৰে। নীৰু পাঠকে মহিলাৰ ৪০০ মিটাৰ শাখাত দেশৰ হৈ নৱমটো পদক অৰ্জন কৰে। আনহাতে পুৰুষৰ ১১০ মিটাৰ হার্ডেলছত শ্ৰীলংকাৰ ডব্লিউ পি ছানদুন কৌশালায় সোণৰ পদক...