February 9, 2025 12:25 PM February 9, 2025 12:25 PM
4
ধেমাজি জিলাৰ জিয়াঢলত সোণোৱাল-কছাৰী সাহিত্য সভাৰ দ্বিতীয় পূৰ্ণাংগ অধিৱেশন
ধেমাজি জিলাৰ জিয়াঢলৰ আমোলগুৰিৰ ভোগালী সমন্বয় ক্ষেত্ৰত চলি থকা সোণোৱাল কছাৰী সাহিত্য সভাৰ দ্বিতীয় পূৰ্ণাংগ অধিৱেশনৰ কালি দ্বিতীয় দিনা জনগোষ্ঠীয় সাহিত্য সন্মিলন অনুষ্ঠিত হয়। সোণোৱাল কছাৰী সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি গুণেশ্বৰ সোণোৱালে সন্মিলন উদ্বোধন কৰে। এই অনুষ্ঠানত কেইবাখনো জনগোষ্ঠীয় সাহিত্য সভাৰ প্ৰতিনিধি উপস্থিত থাকে। ইয়াৰ পাছতে কবি সন্মিলন আৰু সভাৰ পত্রিকা উন্মোচন কৰা শুকুৰবাৰৰ পৰা অনুষ্ঠিত এই অধিৱেশনৰ আজি তৃতীয় দিনা বর্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব।