January 13, 2025 5:21 PM January 13, 2025 5:21 PM
29
মধ্য কাশ্মীৰত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সোণমার্গ সুৰংগ প্রকল্প উদ্বোধন
প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আজি ৰ গন্দৰৱাল জিলাত অভিলাষী সোণমার্গ সুৰংগ প্রকল্প উদ্বোধন কৰে। এই সুৰংগটোৰে শ্রীনগৰ, সোণমাৰ্গ আৰু লেহৰ মাজত সকলো বতৰতে সুচল যাতায়াতত সহায় কৰাৰ লগতে গগনগীৰ আৰু সোণমাৰ্গৰ মাজত যাতায়াতৰ সময় ২০-২৫ মিনিটলৈ হ্রাস কৰিব। এই সুৰংগই লাডাখ অভিমুখী দুর্গম পথ ভূমিস্খলন আৰু তুষাৰপাতৰ সমস্যাৰ সন্মুখীন নোহোৱাকৈ সুৰক্ষিতভাৱে অতিক্রম কৰাত সহায় কৰিব। দুহেজাৰ ৭০০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে ১২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই প্রকল্পটোৰ কাম ২০১৫ চনত আৰম্ভ কৰা হয় আৰু যোৱা বছৰ ইয়াৰ নিৰ্মাণৰ কা...