June 15, 2024 9:21 PM

views 21

ৰাজ্যত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ প্ৰস্তুতি অব্যাহত, শোণিতপুৰত ক্ষণগণনা কাৰ্যসূচী

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসলৈ মাজত কেইটামান দিন বাকী থকা অৱস্থাত দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো এই দিৱসৰ বাবে প্ৰস্তুতি অব্যাহত আছে। এইবাৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে- মহিলা সৱলীকৰণৰ বাবে যোগ । দৈনন্দিন জীৱনশৈলী সুস্থ আৰু সুন্দৰ কৰি তোলাৰ বাবে যোগাভ্যাসৰ গুৰুত্ব সমগ্ৰ বিশ্বৰ জনসাধাৰণে উপলব্ধি কৰিছে। ২০১৪ চনত ৰাষ্ট্ৰসংঘত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া ভাষণত এই বিষয়ে উত্থাপন কৰাৰ পাছতেই ২০১৫ চনৰ ২১ জুনৰ পৰা ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰস্তাৱ মৰ্মে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন আৰম্ভ কৰা হয়। ...