December 24, 2024 8:20 PM
14
শোণিতপুৰত বিশুদ্ধ খোৱাপানী যোগানত বিশেষ অৱদান থকা ব্যক্তি-সংগঠনক ‘জল সেৱা বঁটা’ প্ৰদান
শোণিতপুৰ জিলাত জলজীৱন মিছনৰ অধীনত বিশুদ্ধ খোৱাপানী যোগান ব্যৱস্থা সফল কৰি তোলাৰ ক্ষেত্ৰত বিশেষ অৱদান থকা ব্যক্তি তথা সংগঠনসমূহক আজি জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু শোণিতপুৰ জিলা পানী আৰু অনাময় সমিতিৰ উদ্যোগত জল সেৱা বঁটা প্ৰদান কৰা হয়। শোণিতপুৰ জিলাৰ আয়ুক্ত, অতিৰিক্ত আয়ুক্ত তথা বিভাগীয় জ্যেষ্ঠ বিষয়াৰ উপস্থিতিত মুঠ ২৪ গৰাকী ব্যক্তি আৰু সংগঠনক আজি শ্রেষ্ঠ জল মিত্র, শ্রেষ্ঠ ঠিকাদাৰ, শ্ৰেষ্ঠ পানী উপভোক্তা সমিতি, শ্রেষ্ঠ পঞ্চায়ত আৰু শ্ৰেষ্ঠ জলদূত আদি বিভিন্ন শিতানত সন্মানিত কৰা হয়৷