December 22, 2024 8:50 PM

views 14

শোণিতপুৰৰ সোণাই-ৰূপাই অভয়াৰণ্যৰ পৰা দাঁতিকাষৰীয়া অঞ্চলসমূহত বন্যহস্তীৰ সন্ত্ৰাস

শীতকালত খাদ্যৰ অভাৱত পৰি শোণিতপুৰৰ সোণাই-ৰূপাই অভয়াৰণ্যৰ পৰা দাঁতিকাষৰীয়া অঞ্চলসমূহত সোমাই পৰা বন্যহস্তীৰ দলে জনসাধাৰণৰ মাজক সন্ত্ৰাসৰ সৃষ্টি কৰিছে। শালিধানৰ খেতিপথাৰ নষ্ট কৰাৰ লগতে জিলাখনৰ মিছামাৰী অঞ্চলত দলৰ পৰা ফালৰি কাটি অহা এটা দঁতাল হাতীৰ ভয়ত ৰাইজে উজাগৰী নিশা কটাবলৈ বাধ্য হৈছে। একেদৰে গোলাঘাট জিলাৰ নুমলীগড়তো শালিধানৰ খেতিপথাৰ উদং হোৱাৰ পাছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু গৰমপানী বনাঞ্চলৰ পৰা অহা হাতীৰ জাকে ৰবি শস্যৰ খেতিপথাৰসমূহত খাদ্যৰ সন্ধান কৰিছে। মৰঙী চেঁচামুখ, দুই আৰু তিনি নম্বৰ ক...