August 3, 2025 6:34 PM

views 24

শোণিতপুৰ জিলা দিৱস উপলক্ষে ঢেকিয়াজুলিৰ শ্বহীদ স্মাৰক উদ্যানত বৰ্ণাঢ্য অনুষ্ঠান

শোণিতপুৰ জিলা দিৱসৰ লগত সংগতি ৰাখি আজি ঢেকিয়াজুলিৰ শ্বহীদ স্মাৰক উদ্যানত বৰ্ণাঢ্য অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলে অংশগ্ৰহণ কৰে। অনুষ্ঠানত মন্ত্ৰী সিংহলে শোণিতপুৰ জিলাৰ বিকাশ, সংস্কৃতি আৰু বলিষ্ঠ অৱদানৰ বিষয়ে আলোকপাত কৰে। এই অনুষ্ঠানত স্থানীয় কলা-সংস্কৃতিৰ বিকাশৰ বাবে নবীন-প্রবীণ শিল্পীৰ দ্বাৰা চিত্ৰাংকন আৰু প্ৰদৰ্শনী আয়োজিত হয়।

April 27, 2025 12:19 PM

views 20

শোণিতপুৰত বহনক্ষম উন্নয়নৰ দিশত যুৱক প্ৰজন্মৰ ভূমিকা শীর্ষক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ

শোণিতপুৰ জিলাৰ দৰং মহাবিদ্যালয়ত বহনক্ষম উন্নয়নৰ দিশত যুৱক প্ৰজন্মৰ ভূমিকা শীর্ষক এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ কালি অনুষ্ঠিত হয়। বায়ু প্রদূষণ, প্লাষ্টিক আৱৰ্জনাৰ কু-প্ৰভাৱ, আৱৰ্জনা সমস্যাৰ ব্যৱস্থাপনা আদি সম্পর্কে সজাগতা সৃষ্টিৰে এই আলোচনা চক্র অনুষ্ঠিত হয়। দেশৰ বিভিন্ন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ৪৪ গৰাকী ছাত্র-ছাত্রীয়ে এই আলোচনা চক্ৰত অংশগ্রহণ কৰে। আলোচনা চক্র উদ্বোধনী অনুষ্ঠানত পৃথ্বীৰাজ ৰাভাৰ লগতে কেইবাগৰাকী পৰিৱেশ সম্পৰ্কীয় বিজ্ঞানী আৰু পৰিৱেশ সচেতন ব্যক্তিয়ে অংশ লয়।

April 6, 2025 9:36 PM

views 28

পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবে শোণিতপুৰ জিলা আয়ুক্তৰ অধ্যক্ষতাত গুৰুত্বপূৰ্ণ বৈঠক

পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবে আজি শোণিতপুৰৰ তেজপুৰত জিলা আয়ুক্ত অংকুৰ ভড়ালীৰ অধ্যক্ষতাত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থসহ জিলা উন্নয়ন আযুক্ত, অতিৰিক্ত জিলা আয়ুক্ত, নির্বাচনী বিষয়াৰ লগতে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। বৈঠকত নিৰ্বাচনী সময়সূচী, মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া, শপতনামা আৰু নিৰ্বাচনী প্রতীক বিতৰণৰ নিয়ম কানুন সন্দৰ্ভত আলোচনা কৰা হয়। আৰক্ষী অধীক্ষকগৰাকীয়ে আচৰণ বিধি মানি চলিবৰ বাবে ৰাজনৈতিক দলসমূহক আহ্বান জনায়। বৈঠকত প্র...

September 3, 2024 7:02 PM

views 23

১৪ ছেপ্তেম্বৰত শোণিতপুৰ জিলা আদালৰ প্রাংগনত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ’ব

শোণিতপুৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত অহা ১৪ ছেপ্তেম্বৰত শোণিতপুৰ জিলা আদালত প্রাংগনত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব। এই বিশেষ লোক আদালতত মটৰ দুৰ্ঘটনা গোচৰ, দেৱানী গোচৰ, যান-বাহন তথা আবকাৰী গোচৰ আৰু ফৌজদাৰী গোচৰসমূহ নিষ্পত্তি কৰা হ'ব। লোক আদালতৰ বিশেষত্ব হৈছে খৰতকীয়াকৈ গোচৰ নিষ্পত্তি কৰা। দেৱানী গোচৰৰ বাবে আদালতত পৰিশোধ কৰা মাচুল উভতাই দিয়া হয় আৰু আপিলৰ ব্যৱস্থা নাথাকে। সেয়েহে সংশ্লিষ্ট ব্যক্তিসকলে আগতীয়াকৈ আলোচনাৰ মাধ্যমেৰে সমস্যা সমাধান কৰাৰ লগতে লোক আদালতৰ দিনা সমাধান কৰিব পাৰিব।

August 26, 2024 11:37 AM

views 17

শোণিতপুৰ জিলাৰ শিঙৰীত বিভিন্ন কাৰ্যসূচীৰে ৮১ সংখ্যক বলিদান দিৱস উদযাপন

 শোণিতপুৰ জিলাৰ শিঙৰী লক্ষ্মীনাৰায়ণ মন্দিৰ প্ৰাংগণত আজাদ হিন্দ ফৌজৰ প্ৰথমগৰাকী শ্বহীদ মেজৰ দুর্গা মল্লৰ স্মৃতিত হাম্ৰ' প্রজাশক্তিৰ উদ্যোগত কালি বিভিন্ন কাৰ্যসূচীৰে ৮১ সংখ্যক বলিদান দিৱস উদযাপন কৰা হয়। ইয়াৰ লগতে ঠেলামৰাৰ বাপুজী ভৱনত ভাৰতীয় গোৰ্খা পৰিসংঘ শোণিতপুৰ জিলা সমিতিৰ তথা তেজপুৰত গোৰ্খা সন্মিলিত শোণিতপুৰ জিলা সমিতিৰ উদ্যোগতো শ্বহীদগৰাকীক স্মৰণ কৰা হয়। উল্লেখযোগে যে আজাহ হিন্দ ফৌজৰ গুপ্তচৰ বিভাগৰ মেজৰ গৰাকীক ১৯৪৪ চনৰ ২৫ আগষ্টত দিল্লীৰ লালকিল্লাত মৃত্যুদণ্ড বিহাৰ দিনটোক বলিদান দিৱস হিচাপ...

August 21, 2024 12:33 PM

views 26

শোণিতপুৰ জিলা ক্রীড়া বিষয়া কাৰ্যালয়ৰ উদ্যোগত বিশেষ এথলেটিকছ প্রশিক্ষণ শিবিৰ

■ শোণিতপুৰ জিলা ক্রীড়া বিষয়া কাৰ্যালয়ৰ উদ্যোগত এটা বিশেষ এথলেটিকছ প্রশিক্ষণ শিবিৰ জিলাখনৰ বিহাৰগুৰি মিনি ষ্টেডিয়ামত চলি আছে। ২৯ আগষ্টলৈ চলিবলগীয়া এই প্রশিক্ষণ শিবিৰৰ কালি অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত জিলা ক্রীড়া বিষয়া প্ৰাঞ্জল দিহিঙীয়াৰ লগতে কেইবাগৰাকীও প্ৰাক্তন খেলুৱৈ আৰু ক্ৰীড়া সংগঠক উপস্থিত থাকে। শিবিৰৰ প্ৰথম দিনটোত ৯০গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে।

June 25, 2024 8:35 PM

views 20

১ জুলাইৰ পৰা ৩ জুলাইলৈ শোণিতপুৰ জিলা আন্তঃজিলা ফুটবল প্রতিযোগিতা

২০২৪-২৫ বৰ্ষৰ শোণিতপুৰ জিলা আন্তঃজিলা ফুটবল প্রতিযোগিতা অহা ১ জুলাইৰ পৰা ৩ জুলাইলৈ তেজপুৰৰ মিছন চাৰিআলিৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰা হ'ব। ১৫ আৰু ১৭ বছৰ অনুৰ্ধৰৰ ল'ৰা আৰু ১৭ বছৰ অনুৰ্ধৰৰ ছোৱালীৰ বাবে অনুষ্ঠিত এই প্ৰতিযোগিতাত পাৰদৰ্শিতাৰ ভিত্তিত খেলুৱৈসকলক পিলিক চৌধুৰী সোঁৱৰণী, দেওকন সোঁৱৰণী আৰু নৃপেন্দ্ৰ নাৰায়ণ সিংহ সোঁৱৰণী ফুটবল প্রতিযোগিতালৈ বাছনি কৰা হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে।

June 8, 2024 2:01 PM

views 24

শোণিতপুৰৰ শিঙৰিত ৰাজ্যৰ প্ৰত্নতত্ত্ব বিভাগৰ খননত প্ৰাচীন তথ্য আৰু পুৰাতন সামগ্ৰী উদ্ধাৰ

শোণিতপুৰ জিলাৰ শিঙৰিত ৰাজ্যৰ প্ৰত্নতত্ত্ব বিভাগে চলোৱা খননত প্ৰাচীন তথ্য আৰু পুৰাতন সামগ্ৰী উদ্ধাৰ হৈছে। এই খননত এটা ভগ্ন শিলৰ মন্দিৰৰ ধ্বংসাৱশেষৰ লগতে আন কেতবোৰ পৌৰাণিক সামগ্রী উদ্ধাৰ হৈছে। সামগ্ৰীসমূহ ষষ্ঠ শতিকাৰ শালস্তম্ভ বংশৰ পৰা আহোম ৰাজত্বকালৰ ভিতৰৰ সময়ৰ বুলি প্ৰত্নতত্ত্ব বিভাগ নিশ্চিত হৈছে। উল্লেখযোগ্য যে শিঙৰিৰ গুপ্তেশ্বৰ মন্দিৰক ধৰ্মীয় স্থান তথা পর্যটনস্থলী হিচাপে গঢ়ি তুলিবলৈ ৰাজ্যৰ পৰ্যটন বিভাগে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল। সেই অনুসৰি গুপ্তেশ্বৰ দেৱালয়ৰ পূৰ্বতে থকা তিনিটা নামঘৰ পুন...

May 30, 2024 7:06 PM

views 25

শোণিতপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভত বৈঠক

অহা ২১ জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰিবলৈ আজি তেজপুৰত শোণিতপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত হয়। উল্লেখযোগ্য যে যোগ দিৱসৰ পূৰ্বে সাদিনীয়াকৈ এটা কাৰ্যসূচীও জিলাখনত গ্ৰহণ কৰা হ'ব। এই বৈঠকত ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ তথা আয়ুষৰ সঞ্চালকৰ লগতে কেইবাগৰাকীও শীর্ষ বিষয়া উপস্থিত থাকে। বৈঠকত প্ৰকাশ কৰা মৰ্মে ১৪ জুনৰ পৰা ২০ জুনলৈ জিলাখনত যোগ দিৱসৰ প্ৰস্তুতি কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। জিলাখনৰ নিৰ্বাচিত কেইটামান স্থানত এই কাৰ্যসূচী লোৱা হ'ব বুল...