July 22, 2025 1:19 PM July 22, 2025 1:19 PM

views 2

শোণিতপুৰত অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰসহ ৭জন লোকক গ্ৰেপ্তাৰ

ৰাজ্যত কূটাঘাত সংঘটিত কৰাৰ উদ্দেশ্যে সংগঠিত হোৱা সাতজন লোকক কালি শোণিতপুৰ আৰক্ষীয়ে কৰায়ত্ত কৰে। আৰক্ষীয়ে লোককেইজনৰ পৰা দুটা অত্যাধুনিক পিষ্টল, দুটা মেগজিন, দুটা হস্তনির্মিত বন্দুক আৰু বুজন পৰিমাণৰ অন্য অস্ত্ৰ-শস্ত্ৰ জব্দ কৰে। জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই প্ৰকাশ কৰা অনুসৰি আৰক্ষীয়ে চি আৰ পি এফৰ সহযোগত চলোৱা এই অভিযানত লোককেইজনক গ্ৰেপ্তাৰ কৰা হয়। এই লোককেইজনে অসম-অৰুণাচল সীমান্তত তথা জিলাখনৰ চপাই নদীৰ সমীপত নিৰ্মাণ কৰা এটা অস্থায়ী শিবিৰো আৰক্ষীয়ে উৎখাত কৰে। শিবিৰটোৰ পৰাও ...