January 10, 2025 8:27 PM

views 20

সোণাপুৰ ৰাজহ চক্ৰৰ কচুতলীৰ উচ্ছেদত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ

গুৱাহাটী উচ্চ ন্যায়ালয়ে সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কচুতলীত উচ্ছেদ চলোৱাত স্থগিতাদেশ জাৰি কৰিছে। লগতে ন্যায়ালয়ে অহা ২৯ জানুৱাৰীৰ ভিতৰত কচুতলীৰ উচ্ছেদ সন্দৰ্ভত স্থিতি স্পষ্ট কৰি চৰকাৰক এখন শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছে। উল্লেখযোগ্য যোৱা ৩০ ডিচেম্বৰত কামৰূপ মহানগৰ জিলা প্ৰশাসনে ১৫ দিনৰ ভিতৰত স্থান খালী কৰাৰ বাবে কচুতলীৰ একাংশ লোকলৈ জাননী জাৰি কৰিছিল। কিন্তু এই জাননী আইনৰ পৰিপন্থী বুলি সেই লোকসকলে উচ্চ ন্যায়ালয়ত লিখিত আবেদন কৰিছিল। এই আবেদনৰ শুনানীত উচ্চ ন্যায়ালয়ে কচুতলীৰ উচ্ছেদ সন্দৰ্ভ...