September 14, 2024 10:47 AM

views 10

সত্ৰৰ ভূমি দখলমুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰক আহ্বান অসম সত্ৰ মহাসভাৰ

■ অসম সত্ৰ মহাসভাই সত্ৰৰ ভূমি দখলমুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰক আহ্বান জনাইছে। সোণাপুৰত জনজাতি বেল্টৰ ভূমি দখলমুক্ত কৰাৰ অভিযানৰ দৰে অসমৰ সত্ৰসমূহৰ মাটিও দখলমুক্ত কৰাৰ বাবে সত্র মহাসভাই আহ্বান জনাইছে। অসম সত্র মহাসভাই সোণাপুৰত ৰাজ্য চৰকাৰে চলোৱা উচ্ছেদ অভিযানক আদৰণি জনাই প্ৰকাশ কৰিছে যে অসমত থকা সত্ৰসমূহৰ মাটিত ব্যাপক বেদখল হৈছে। সত্ৰ মহাসভাই প্ৰকাশ কৰা অনুসৰি মধ্য আৰু নামনি অসমত সত্ৰৰ ১০ হাজাৰ বিঘাতকৈও অধিক ভূমি বেদখল হৈছে। ২০১৬ চনত বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ পাছত পাঁচখন সত্ৰৰ ভূমি বেদখলকাৰীৰ কবল...

September 13, 2024 5:24 PM

views 25

সোণাপুৰৰ জনজাতীয় অধ্যুষিত ভূমি অবৈধভাৱে দখল কৰা লোকসকলক উচ্ছেদ কৰা হৈছেঃ জি পি সিঙ

অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙে আজি গুৱাহাটী মহানগৰীৰ সমীপৱৰ্ত্তী সোণাপুৰৰ কচুতলীত উপস্থিত হৈ অঞ্চলটোত অবৈধভাৱে দখল কৰা ভূমি উচ্ছেদক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উত্তেজনাময় পৰিস্থিতিৰ বুজ লয়। জিলা উপায়ুক্তৰ সৈতে পৰিস্থিতিৰ পৰ্যালোচনা কৰি শ্ৰী সিঙে জনজাতীয় অধ্যুষিত ভূমি অবৈধভাৱে দখল কৰা লোকসকলক উচ্ছেদ কৰা হৈছে বুলি প্ৰকাশ কৰে। উল্লেখযোগ্য যে সোণাপুৰৰ কচুতলীত কালি ভূমি উচ্ছেদক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সংঘৰ্ষত দুগৰাকী ব্যক্তি নিহত হোৱাৰ লগতে আৰক্ষীকে ধৰি ২২ গৰাকী চৰকাৰী বিষয়া আহত হয়। এই সন্দৰ্...

September 13, 2024 12:52 PM

views 21

সোণাপুৰৰ কচুতলীত অবৈধভাৱে দখল কৰা ভূমি উচ্ছেদক কেন্দ্ৰ কৰি উত্তেজনা অব্যাহত

গুৱাহাটী মহানগৰীৰ সমীপৱৰ্ত্তী সোণাপুৰৰ কচুতলীত অবৈধভাৱে দখল কৰা ভূমি উচ্ছেদক কেন্দ্ৰ কৰি আজিও উত্তেজনা অব্যাহত আছে। অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙেআজি ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ জিলা উপায়ুক্তৰ সৈতে হোৱা কথা-বতৰাত ট্রাইবেল বেল্টৰ মাটিত অবৈধভাৱে ভূমি দখল কৰা লোকসকলক উচ্ছেদ কৰা হৈছে বুলি প্ৰকাশ কৰে। উল্লেখযোগ্য যে সোণাপুৰৰ কচুতলীত কালি ভূমি উচ্ছেদক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সংঘৰ্ষত দুগৰাকী ব্যক্তি নিহত হোৱাৰ লগতে আৰক্ষীকে ধৰি ২২ গৰাকী চৰকাৰী বিষয়া আহত হয়। এই সন্দৰ্ভত আৰক্ষীয়ে ইত...