July 12, 2025 6:14 PM July 12, 2025 6:14 PM
14
সোণাপুৰত দেশৰ প্ৰথমখন জল প্রযুক্তি উদ্যান মুকলি
ৰাজ্যত ২০১৯ চনৰ পৰা ২০২৪ চনৰ ভিতৰত মাছৰ উৎপাদন দুগুণলৈ বৃদ্ধি পাই ৪ লাখ ৯৯ হাজাৰ মেট্রিক টন হৈছে আৰু ৰাজ্যখনৰ সম্প্ৰতি দেশৰ চতুৰ্থ সর্ববৃহৎ মৎস্য উৎপাদনকাৰী হিচাপে পৰিগণিত হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি সোণাপুৰৰ বগীবাৰীত আগশাৰী স্বেচ্ছাসেৱী সংস্থা কলং-কপিলীৰ সহযোগিতাত দেশৰ প্ৰথমখন জল প্রযুক্তি উদ্যান বা একুৱাটেক পার্ক মুকলি কৰি এই বিষয়ে প্ৰকাশ কৰে । তেওঁ কয় যে অসমে সকলো ক্ষেত্ৰত দেশৰ শীৰ্ষ পাঁচখন ৰাজ্যৰ ভিতৰত স্থান লাভ কৰিবলৈ সমৰ্থ হ'ব। ড° শৰ্মাই কয় যে একুৱাটেক পার্কখনে ৰাজ্যত ...