January 9, 2026 8:17 PM

views 11

জ্যোতির্লিংগ সোমনাথত চাৰিদিনীয়া কাৰ্যসূচীৰে সোমনাথ স্বাভিমান পর্ব

জ্যোতির্লিংগ সোমনাথত চাৰিদিনীয়া কাৰ্যসূচীৰে সোমনাথ স্বাভিমান পর্ব অব্যাহত থকা উপলক্ষে পৱিত্ৰ চহৰখন ঐশ্বৰিক ভাৱনাৰে মুখৰ হৈ উঠিছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কথা। এই কাৰ্যসূচীয়ে সমগ্র অঞ্চলটোতে আধ্যাত্মিক ভাৱনা তথা ৰাষ্ট্ৰীয় একতাৰ গভীৰ অনুভৱ জগাই তুলিছে। চহৰখনৰ বাট-পথসমূহ আলোকসজ্জাৰে সজ্জিত হৈ উঠিছে। তদুপৰি চহৰখনৰ প্ৰধান অঞ্চলসমূহ ৰঙীন আলোকসজ্জাৰ সজাই তুলি বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলক আদৰণি জনোৱাৰ ব্যৱস্থা কৰা হৈছে।