November 4, 2024 8:08 PM

views 33

চৰকাৰে ৩৭.৫ গিগাৱাট নৱীকৰণযোগ্য শক্তিসম্পন্ন ৫০ খন সৌৰ উদ্যানৰ বাবে অনুমোদন জনাইছেঃ প্রহ্লাদ যোশী

নতুন আৰু নবীকৰণযোগ্য শক্তিমন্ত্রী প্রহ্লাদ যোশীয়ে আজি কৈছে যে, ভাৰতে ৯০ গিগাৱাট শক্তিসম্পন্ন সৌৰ ক্ষমতা স্থাপন কৰিছে আৰু ২০৩০ চনৰ ভিতৰত ৫০০ গিগাৱাট শক্তিসম্পন্ন নবীকৰণযোগ্য শক্তিক্ষমতা লাভ কৰাৰ লক্ষ্যৰে আগবাঢ়িছে। শ্রী যোশীয়ে নতুন দিল্লীত আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতাৰ সপ্তম সত্ৰৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি এইদৰে কয়। স্বচ্ছ আৰু সেউজ শক্তিৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতা সন্দৰ্ভত আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, চৰকাৰে ৩৭.৫ গিগাৱাট নৱীকৰণযোগ্য শক্তিসম্পন্ন ৫০ খন সৌৰ উদ্যানৰ বাবে অনুমোদন জনাইছে...

September 16, 2024 5:53 PM

views 24

২০৩০ চনৰ ভিতৰত অসমত সেউজ শক্তিৰ জৰিয়তে ৩ হেজাৰ মেগাৱাটতকৈও অধিক শক্তি উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ

অসমে ২০৩০ চনৰ ভিতৰত সেউজ শক্তিৰ জৰিয়তে ৩ হেজাৰ মেগাৱাটতকৈও অধিক শক্তি উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে সেউজ ভৱিষ্যতৰ দিশত ৰাজ্যৰ অৱদানে ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰাৰ কথা প্ৰকাশ কৰি কয় যে, অজীৱাষ্ম শক্তিৰ উৎস ব্যৱহাৰৰ জৰিয়তে দেশৰ নেট জিৰো লক্ষ্যক আগুৱাই নিয়াৰ ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত শ্ৰেষ্ঠ সন্মান লাভ কৰিছে। উল্লেখযোগ্য যে, ভাৰতে ২০৩০ চনৰ ভিতৰত অজীৱাশ্ম উৎসৰ পৰা আহৰণ কৰা শক্তিৰে বিদ্যুৎ শক্তি সামর্থ্য্য ৫০০ গিগাৱাটলৈ বৃদ্...