November 12, 2024 8:10 PM
9
ভাৰতৰ সৌৰ শক্তি বিদ্যুৎ শক্তিলৈ ৰূপান্তৰকাৰী সামগ্ৰীৰ ৰপ্তানী বিগত ২ বছৰত ২৩ গুণ বৃদ্ধি
ভাৰতৰ ছ'লাৰ পিভি অর্থাৎ সৌৰ শক্তি বিদ্যুৎ শক্তিলৈ ৰূপান্তৰকাৰী সামগ্ৰীৰ ৰপ্তানী বিগত দুই বছৰত ২৩ গুণ বৃদ্ধি পাই ২০০ কোটি আমেৰিকান ডলাৰ হৈছে। শক্তি অর্থনীতি আৰু বিত্তীয় বিশ্লেষণ প্ৰতিষ্ঠান আৰু জে এম কে গৱেষণা তথা বিশ্লেষণ গোটৰ প্ৰতিবেদন অনুসৰি ২০২২ ৰ পৰা ২০২৪ বিত্তীয় বৰ্ষলৈ এনে সামগ্ৰীৰ ৰপ্তানি বৃদ্ধি পাইছে। ভাৰতে সৌৰ সামগ্ৰীৰ শুদ্ধ আমদানীকাৰীৰ পৰা ৰপ্তানীকাৰী হোৱাৰ ক্ষেত্ৰত প্ৰগতি লাভ কৰিছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে ।